From Wikipedia, the free encyclopedia
ট্ৰেন্সনিষ্ট্ৰিয়াৰ মহিলাসকল (ইংৰাজী: Women in Transnistria) হৈছে ট্ৰেন্সনিষ্ট্ৰিয়াত বাস কৰা বা তাৰ পৰা অহা মহিলা (ট্ৰেন্সনিষ্ট্ৰিয়া বুলিও বানানটো লিখা হ'ব পাৰে; আৰু ইয়াক প্ৰিডনেষ্ট্ৰ'ভিয়ান মল্ডাভিয়ান ৰিপাব্লিক বুলিও কোৱা হয়, আৰু সংক্ষিপ্তভাৱে কোৱা হয় পিএমআৰ)।
২০০৪ চনত কৰা লোকপিয়লৰ ভিত্তিত জানিব পৰা গৈছে যে ৫৫৫,০০০ লোকৰ ভিতৰত ৫৪% সদস্য মহিলাৰে গঠিত৷ ইয়াৰে ২১% মহিলাৰ বয়স ৬০ বছৰতকৈ ঊৰ্দ্ধত।[1]
২০০৪ চনত কৰা লোকপিয়লৰ ভিত্তিত ৩৭% মহিলাই কৰ্মসংস্থাপন লাভ কৰিছে৷ আনহাতে ১৯% মহিলা আছিল নিবনুৱা। অৱসৰপ্ৰাপ্ত মহিলাৰ সংখ্যা ৩৫%।[1]
২০০৪ চনৰ লোকপিয়ল অনুসৰি ট্ৰেন্সনিষ্ট্ৰিয়াৰ জনসংখ্যাৰ ৫০.১% "পেছাদাৰী আৰু উচ্চ শিক্ষা" ক্ষেত্ৰৰ ছাত্ৰ আছিল। ১৫.৯% মহিলাই উচ্চ শিক্ষা লাভ কৰিছে যদিও কিছুমানে হয়তো শিক্ষানুষ্ঠানত উচ্চ শিক্ষা সম্পূৰ্ণ কৰা নাই। ৩১.৫% মহিলাই পেছাদাৰী পৰ্যায়ৰ শিক্ষা লাভ কৰিছিল। ৩১.৭% মহিলাই মাধ্যমিক পৰ্যায়ৰ শিক্ষা লাভ কৰিছিল। ইয়াৰে ৮.৪ গৰাকীয়ে প্ৰাথমিক পৰ্যায়ৰ শিক্ষা লাভ কৰিছিল।[1]
যদিও ট্ৰেন্সনিষ্ট্ৰিয়া এতিয়াও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সীমিত স্বীকৃতি পোৱা দেশ, আৰু যদিও ফ্ৰিডম ইন দ্য ৱৰ্ল্ড ২০১২ চনত বৰ্ণনা কৰিছিল যে "[w]omen are underrepresented in most positions of authority", বৰ্তমানৰ ট্ৰেন্সনিষ্ট্ৰিয়ান চৰকাৰত ৮ গৰাকী মহিলা আৰু ৬ গৰাকী পুৰুষ অন্তৰ্ভুক্ত। ট্ৰেন্সনিষ্ট্ৰিয়াৰ প্ৰধানমন্ত্ৰী (টাটিয়ানা টুৰান্সকায়া) আৰু ৪ জনৰ ভিতৰত ৩ গৰাকী উপ-প্ৰধানমন্ত্ৰীয়ে মহিলা (নাটালিয়া নিকিফ’ৰ’ভা, নীনা ষ্টানস্কি আৰু মাইজা পাৰ্নাছ)। ট্ৰেন্সনিষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি প্ৰশাসনত মহিলাক ব্যাপকভাৱে উপস্থাপন কৰা হয়৷ উদাহৰণ দিবলৈ গ'লে প্ৰশাসনৰ মুৰব্বী (নাডেজ্ডা বাৰানোভা)[2] আৰু ৫ জন ৰাষ্ট্ৰপতিৰ উপদেষ্টা (আলয়না ক্লাইউছ, নাডেজ্ডা জাবলটস্কায়া, নাটালিয়া গাৰ্বাৰ, আন্না ইয়ানচুক আৰু গালিনা ছাণ্ডুছা)[3] ৰ কথা ক'ব পাৰি।
ট্ৰেন্সনিষ্ট্ৰিয়াৰ চহৰ আৰু জিলা (ৰিয়ান)ৰ ৰাজ্যিক প্ৰশাসনৰ মুৰব্বী হিচাপে মহিলাসকলৰ মাজত কিছু পৰিমাণে কম প্ৰতিনিধিত্ব প্ৰত্যক্ষ কৰা হয় ৷কেৱল ৰাইবনিছা জিলাৰ নেতৃত্বত এগৰাকী মহিলা থাকে৷ কিন্তু ৰাজ্য প্ৰশাসনৰ উপ-মূৰব্বীৰ পদত ব্যাপকভাৱে উপস্থাপন কৰা হয়। বৰ্তমান টিৰাছপল প্ৰশাসনত ৫ গৰাকীৰ ভিতৰত ২ গৰাকী[4]ডেপুটি, বেণ্ডেৰী প্ৰশাসনত ২ গৰাকীৰ ভিতৰত ২ গৰাকী[5], ৰিবনিছা প্ৰশাসনত ৩ গৰাকীৰ ভিতৰত ২ গৰাকী[6], ডুবাছাৰী প্ৰশাসনত ৩ গৰাকীৰ ভিতৰত ২ গৰাকী[7] গৰাকী, ৩ গৰাকীৰ ভিতৰত ২ গৰাকী[8]
নাবালককে ধৰি ট্ৰেন্সনিষ্ট্ৰিয়াৰ কিছুমান মহিলা ঘৰুৱা হিংসা, মানৱ সৰবৰাহ আৰু বেশ্যাবৃত্তিৰ বলি হৈছে,[9] যিবোৰ দেশৰ তিনিটা প্ৰধান সমস্যা। বেছিভাগ সময়তে সৰবৰাহ কৰা ট্ৰেন্সনিষ্ট্ৰিয়ান মহিলা আৰু ছোৱালীক তুৰস্ক আৰু সংযুক্ত আৰব আমিৰশ্বাহীলৈ অনা হয়।[10]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.