ট্ৰানজিষ্টৰ
কঠিন অৱস্থাৰ বৈদ্যুতিক সংকেত সলোৱা আৰু এম্প্লিফায়াৰ হিচাপে ব্যৱহাৰ কৰা আহিলা / From Wikipedia, the free encyclopedia
ট্ৰানজিষ্টৰ হ'ল এবিধ অৰ্ধপৰিবাহী আহিলা। ইয়াক বৈদ্যুতিক সংকেত আৰু ক্ষমতা , এম্প্লিফাই কৰা আৰু সালসলনি কৰাত ব্যৱহাৰ কৰা হয়। অতিকমেও তিনিটা প্ৰান্তিক্(terminal) থকা এই আহিলাৰ মুখ্য উপাদান হ'ল অৰ্ধপৰিবাহী পদাৰ্থ। কোনো এয়োৰ টাৰ্মিনেলত প্ৰয়োগ কৰা বৈদ্যুতিক বিভৱ বা সোঁতৰ সালসলনি অনুসৰি আন এযোৰ টাৰ্মিনেলৰ বৈদ্যুতিক বিভৱ বা সোঁত সলনি হয়। বৰ্তমান ট্ৰানজিষ্টৰ এককভাবে অথবা সংযুক্ত বৰ্তনীত পোৱা যায়।
ট্ৰানজিষ্টৰ ইলেক্ট্ৰনিক আহিলাপাতিৰ মৌলিক কাৰ্য্যকৰি অংশ। আজি ট্ৰানজিষ্টৰ অবিহনে আধুনিক ইলেক্ট্ৰ্নিক্স কল্পনাই কৰিব নোৱাৰি। ৫০ৰ দশকত উদ্ভাবিত ট্ৰানজিষ্টৰ ৰেডিঅ' ,কম্পিউটাৰ ,কেলকুলেটৰ আদি নানান আহিলাত ব্যৱহাৰ হয়।