![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/a/a4/Nelumbo_Nucifera_fruit_-_botanic_garden_Adelaide.jpg/640px-Nelumbo_Nucifera_fruit_-_botanic_garden_Adelaide.jpg&w=640&q=50)
ট্ৰাইপোফোবিয়া
From Wikipedia, the free encyclopedia
ট্ৰাইপোফোবিয়া (ইংৰাজী: Trypophobia) হ'ল অনিয়মিত আৰ্হি বা থেপা-থেপিকৈ থকা সৰু সৰু গাত বা ভিণ্ডৰ প্ৰতি থকা দৃষ্টি ঘৃণা।[3][4] আনুষ্ঠানিকভাৱে মানুহৰ এই আচৰণক মানসিক ব্যাধি হিচাপে স্বীকৃতি দিয়া হোৱা নাই, অৱশ্যে এই পৰিস্থিতিৰ প্ৰতি অতিৰিক্ত ভয় বা আশংকাই দেখা দিলে ইয়াক নিৰ্দিষ্ট ফোবিয়া হিচাপে চিহ্নিত কৰিব পাৰি।[1][3] মানুহে ট্ৰাইপোফোবিক চিত্ৰসমূহৰ প্ৰতি কেৱল ঘৃণা ভাৱ প্ৰকাশ কৰিব পাৰে।[3]
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/a/a4/Nelumbo_Nucifera_fruit_-_botanic_garden_Adelaide.jpg/640px-Nelumbo_Nucifera_fruit_-_botanic_garden_Adelaide.jpg)
ট্ৰাইপোফোবিয়াৰ বৈজ্ঞানিক বোধ সীমিত।[3] অৱশ্যে কিছু গৱেষণাৰ পৰা এইকথা কোৱা হৈছে যে ট্ৰাইপোফোবিয়া কোনো জৈৱিক বিদ্ৰোহৰ ফল যি নেকি কোনো ট্ৰাইপোফোবিক আকৃতিক বিপদ বা ৰোগৰ সৈতে সংযুক্ত কৰে। অথৱা ইয়াৰ কোনো বিৱৰ্তনমূলক ভিত্তি থাকিব পাৰে। এক্সপোজাৰ থেৰাপী এই ভয়ৰ এক সম্ভাৱ্য চিকিৎসা হ'ব পাৰে।[1][3][1]
এই ট্ৰাইপোফোবিয়া অভিধাটো সামাজিক মাধ্যমত এজন ভুক্তভোগীৰ দ্বাৰা ২০০৫ চনত চৰ্চালৈ আহিছিল।[5]সেই সময়ত সামাজিক মাধ্যমত ই এক বহুল চৰ্চিত বিষয় হৈ পৰিছিল।[5]