টুইটাৰ
From Wikipedia, the free encyclopedia
টুইটাৰ (ইংৰাজী: Twitter) হ’ল এটা ইণ্টাৰনেটত বহুলভাৱে প্ৰচলিত এক সামাজিক সংযোগ (চচিয়েল নেটৱৰ্কিং) ব্যৱস্থা আৰু মাইক্ৰব্লগিংৰ এটা জালস্থান বা ৱেবচাইট, য’ত ব্যৱহাৰকাৰীসকলে সৰ্বোচ্চ ১৪০টা আখৰৰ বাৰ্তা আদান-প্ৰদান আৰু প্ৰকাশ কৰিব পাৰে। এই বাৰ্তাবোৰকে টুইট (tweet) বুলি নামকৰণ কৰা হৈছে। টুইটাৰৰ সদস্যসকলৰ টুইট কৰা বাৰ্তাবোৰ তেওঁলোকৰ প্ৰফাইল পাতত দেখা যায়। টুইটাৰৰ সদস্য সকলে অন্য সদস্যসকলৰ টুইট পঢ়াৰ বাবে অনুসৰণ বা follow কৰাটো ইয়াত আৱশ্যক। কোনো সদস্যৰ টুইট পঢ়াৰ বাবে যাৰ স’তে একলগ হৈছে সেইসকল অনুসৰণকাৰী (follower) বুলি কোৱা হৈছে।[13]
প্ৰকাৰ | ব্যক্তিগত প্ৰতিষ্ঠান | |
---|---|---|
প্ৰতিষ্ঠা | চেন ফ্ৰান্সিসকো, কেলিফোৰ্নিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ | |
প্ৰতিষ্ঠাপক | জেক ডোৰচে ইভান উইলয়ামছ বিজ ষ্টোন | |
মূখ্য কাৰ্যালয় | ৭৯৫ ফলচোম ষ্ট্ৰীট, চুইট ৬০০, চেন ফ্ৰান্সিসকো, কেলিফোৰ্নিয়া ৯৪১০৭, আমেৰিকা যুক্তৰাষ্ট্ৰ | |
কৰ্মৰ এলেকা | বিশ্বব্যাপী | |
উল্লেখযোগ্য ব্যক্তি | জেক ডোৰচে (চেয়াৰমেন) ডিক কোচটোলো (চি অ) ইভান উইলিয়ামছ (উৎপাদন কৌশল) বিজ ষ্টোন (ক্ৰিয়েটিভ ডাইৰেক্টৰ) | |
ৰাজহ | US$3.04 বিলিয়ন (২০১৮) | |
Operating আয় | US$453 বিলিয়ন (২০১৮) | |
মুঠ আয় | US$1.2 বিলিয়ন (২০১৮) | |
Total assets | US$10.16 বিলিয়ন (২০১৮) | |
Total equity | US$6.8 বিলিয়ন (২০১৮) | |
কৰ্মচাৰী | ৩,৯০০ (২০১৮) | |
শ্লোগান | What's happening? (অসমীয়া: কি হৈ আছে?) | |
ৱেবছাইট | twitter.com | |
ৱেবছাইটৰ প্ৰকাৰ | মোবাইল সামাজিক সংযোগী জালস্থান, মাইক্ৰব্লগিং | |
পঞ্জীকৰণ | আৱশ্যক | |
ব্যৱহাৰকাৰী |
| |
উপলব্ধ ভাষা | বহুভাষিক ইংৰাজী, স্পেনিছ, জাপানিজ, জাৰ্মান, ফৰাচী আৰু ইটালীয় | |
প্ৰচলন হয় | জুলাই ১৫, ২০০৬ | |
বৰ্তমানৰ স্থিতি | চলি আছে | |
| ||
[1][2][3][4][5][6][7][8][9][10][11][12] |
টুইট লিখিবৰ বাবে সদস্যসকলে টুইটাৰ ৱেবচাইট ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ উপৰিও মোবাইল ফোন বা এছএমএচৰ মাধ্যমৰেও টুইট লিখাৰ সুবিধা আছে।[14] টুইটাৰৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেন ফ্ৰান্সিস্কো চহৰত অৱস্থিত। তদুপৰি টেক্সাছৰ চেন এণ্টনি আৰু মাচাছ্যুচেটচৰ বষ্টনত টুইটাৰৰ চাৰ্ভাৰ আৰু শাখা কাৰ্যালয় আছে।