টাচুকু হঞ্জ'
From Wikipedia, the free encyclopedia
টাচুকু হঞ্জ' Tasuku Honjo (本庶 佑, Honjo Tasuku?, জন্ম ২৭ জানুৱাৰী, ১৯৪২) এজন জাপানীজ ৰোগ প্ৰতিৰোধ বিজ্ঞানী। তেওঁ বিশেষকৈ প্ৰগ্ৰেমড চেল ডেদ প্ৰটিন ১ আৱিষ্কাৰৰ বাবে বিখ্যাত।[1] তেওঁ লগতে চাইট'কাইনিছৰ আণৱিক চিনাক্তকৰণ অৰ্থাৎ ইণ্টাৰলিউকিন ৪ আৰু ইণ্টাৰলিউকিন ৫, [2] আৰু এক্টিভেচন ইনডিউছদ চাইটিদিন ডেমিনেছৰ আৱিষ্কাৰক হিচাপে জনাজাত। ই চমেটিক হাইপাৰ মিউটেছন আৰু ক্লাছ চুইছ ৰিকম্বিনেচনৰ বাবে অতি প্ৰয়োজনীয়।[3]
ক্ষিপ্ৰ তথ্য টাচুকু হঞ্জ'Tasuku Honjo, জন্ম ...
টাচুকু হঞ্জ' Tasuku Honjo | |
---|---|
টাচুকু হঞ্জ' | |
জন্ম | ২৭ জানুৱাৰী, ১৯৪২ (৮২ বছৰ) ক্যিট' জাপান |
জাতীয়তা | জাপানীজ |
ক্ষেত্ৰ | আণৱিক ৰোগ-প্ৰতিৰোধ বিজ্ঞান |
কৰ্মস্থান | ক্যিট' বিশ্ববিদ্যালয় |
শিক্ষানুষ্ঠান | ক্যিট' বিশ্ববিদ্যালয় |
ডক্তৰেল পৰামৰ্শদাতা | য়াচুটমি নিশিজুকা অচামু হায়াইশি |
জনা যায় | ক্লাছ চুইছ ৰিকম্বিনেচন ইণ্টাৰলিউকিন ৪, ইণ্টাৰলিউকিন ৫, এক্টিভেচন ইনডিউছদ চাইটিদিন ডেমিনেছ কৰ্কট ৰোগৰ ৰোগ প্ৰতিৰোধ থেৰাপি প্ৰগ্ৰেমড চেল ডেদ প্ৰটিন ১ |
উল্লেখনীয় বঁটা | ইম্পিৰীয়েল প্ৰাইজ (১৯৯৬) কচ প্ৰাইজ (২০১২) অৰ্ডাৰ অফ কালচাৰ(২০১৩) টাং প্ৰাইজ (২০১৪) ক্যিট' প্ৰাইজ(২০১৬) আলপাৰ্ট প্ৰাইজ(২০১৭) চিকিৎসা আৰু শৰীৰতত্ত্ব বিজ্ঞানৰ নোবেল বঁটা (২০১৮) |
বন্ধ কৰক
বিজ্ঞানী হঞ্জ' আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, জাৰ্মানীৰ জাৰ্মান একাডেমী অফ নেচাৰেল চায়েন্স আৰু জাপান একাডেমীৰ লগত জড়িত হৈ আছে।
২০১৮ চনত তেওঁ জেমছ পি. এলিচনৰ লগত যুটীয়া ভাবে চিকিৎসা আৰু শৰীৰ তত্ত্ব বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[4] তেওঁলোক দুয়োজনে ২০১৪ চনত একে বিষয়ৰ বাবে টাং প্ৰাইজ লাভ কৰিছিল।[5]