টাইৱান
From Wikipedia, the free encyclopedia
টাইৱান (ইংৰাজী: Taiwan), চৰকাৰীভাবে চীন প্ৰজাতন্ত্ৰ (ইংৰাজী: Republic of China (ROC)), পূব এছিয়াৰ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। ই টাইৱান প্ৰণালীৰ পূবত চীনা মূল ভূখণ্ডৰ দক্ষিণ-পূবা উপকূলত অৱস্থিত। টাইৱান ইউৰেছিয়া ফলক প্ৰণালীৰ দ্বাৰা গঠিত আৰু ফিলিপাইনৰ দক্ষিণত অৱস্থিত। দ্বিতীয় বিশ্বযুদ্ধৰ শেষত দ্বীপপুঞ্জসমূহ চীন প্ৰজাতন্ত্ৰৰ অধীন হয়। সাধাৰণতে চীন প্ৰজাতন্ত্ৰৰ শাসিত অঞ্চলক বুজাবলৈ "টাইৱান" ব্যৱহৃত হয়। চীন প্ৰজাতন্ত্ৰ প্ৰশান্ত মহাসাগৰৰ টাইৱান দ্বীপ, অৰ্কিড আইলেণ্ড, গ্ৰীণ আইলেণ্ড শাসন কৰে। তদুপৰি পেছকাডৰেছ (পৰ্তুগীজ ভাষা: Pescadores অৰ্থাৎ "মৎস্যজীৱী বা মাছমৰিয়া"), কিনমেন, ফুচিয়েন তিৰৱৰ্তী মাৎসু আইলেণ্ড প্ৰভৃতি দ্বীপো শাসন কৰে। টাইৱান আৰু ফেংহু দ্বীপপুঞ্জ সমূহ (টাইপেই আৰু কাওছিউং পৌৰসভা বাদ দি) চীন প্ৰজাতন্ত্ৰৰ টাইৱান প্ৰদেশ হিচাপে প্ৰশাসিত হয়।
টাইৱান চীন প্ৰজাতন্ত্ৰ 中華民國 Zhōnghuá Mínguó |
||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত 《中華民國國歌》 চীন প্ৰজাতন্ত্ৰৰ ৰাষ্ট্ৰীয় সংগীত 《中華民國國旗歌》 ৰাষ্ট্ৰীয় পতাকা সংগীত |
||||||
চীন প্ৰজাতন্ত্ৰ আৰু বৰ্তমান তাৰ নিয়ন্ত্ৰণাধীন অঞ্চলৰ(ৰঙা) অৱস্থান
|
||||||
ৰাজধানী | টাইপেই[1] 25°02′N 121°38′E | |||||
বৃহত্তম নগৰ | নিউ টাইপেই চিটি | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | পাৰম্পৰিক চীনা,
হক্কেইন, তাইৱানীচ হাক্কা, ফৰমছান ভাষা, তাইৱান ছাইন ভাষা, মাৎসু |
|||||
জনগোষ্ঠীসমূহ |
|
|||||
জাতীয়তাসূচক বিশেষণ | টাইৱানীছ | |||||
চৰকাৰ | একক অৰ্ধ ৰাষ্ট্ৰপতিশাসিত সাংবিধানিক গণতন্ত্ৰ | |||||
- | ৰাষ্ট্ৰপতি | ছাই ইং ৱেন | ||||
- | উপ ৰাষ্ট্ৰপতি | লাই ছিং তে | ||||
- | প্ৰিমীয়াৰ | ছু চেং চাং | ||||
- | উপ প্ৰিমীয়াৰ | ছেন চি মাই | ||||
স্থাপিত | জিনহাই বিপ্লৱ | |||||
- | গণতন্ত্ৰ স্থাপন | ১ জানুৱাৰী১৯১২ | ||||
- | তাইৱানৰ স্থানান্তৰ | ২৫ অক্টোবৰ১৯৪৫ | ||||
- | সংবিধান গ্ৰহণ | ২৫ ডিচেম্বৰ ১৯৪৭ | ||||
- | টাইপেইলৈ চৰকাৰৰ স্থানান্তৰ | ৭ডিচেম্বৰ ১৯৪৯ | ||||
- | আইনৰ জৰিয়তে স্বীকৃতি | 16 জুলাই ১৯৯২ | ||||
মাটিকালি | ||||||
- | মুঠ | ৩৬,১৯৩'"`UNIQ--ref-০০০০০০০৪-QINU`"' বৰ্গ কিমি (১৩৬ তম) ১৩,৯৭৪ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ১০.৩৪ | ||||
জনসংখ্যা | ||||||
- | ২০১৩ আনুমানিক | ২,৩৩,৪০,১৩৬ পুৰুষ : ১,১৬,৭৮,১৫১ মহিলা :১,১৬,৬১,৯৮৫'"`UNIQ--ref-০০০০০০০৫-QINU`"' (৫০তম) |
||||
জিডিপি (পিপিপি) | ২০১৩ আনুমানিক | |||||
- | মুঠ | $৯২৬.৪৪১ বিলিয়ন[4] (২০তম) | ||||
- | জনমুৰি | $৩৯,৫৮০[4] (১৭ তম) | ||||
জিডিপি (নামমাত্ৰ) | ২০১৩ আনুমানিক | |||||
- | মুঠ | $৪৮৪.৬৮২ বিলিয়ন[4] (২৫ তম) | ||||
- | জনমুৰি | $২০,৭০৬[4] (৩৯তম) | ||||
জিনি সহগ? (২০১০) | ৩৪.২ | |||||
মানৱ উন্নয়ন সূচক (২০১২) | ০.৮৯০ (২৩ তম) | |||||
মুদ্ৰা | নিউ টাইৱান ডলাৰ (NT$) (TWD ) |
|||||
সময় অঞ্চল | ৰাষ্ট্ৰীয় মান সময় (ইউটিচি+৮) | |||||
তাৰিখ বিন্যাস |
|
|||||
গাড়ী চলোৱা হয় | সোঁফালে | |||||
ইণ্টাৰনেট টিএলডি |
|
|||||
কলিং ক'ড | +৮৮৬ |
টাইৱান দ্বীপৰ মূল ভূখণ্ড ফুৰমোজা (পৰ্তুগীজ ভাষা: Ilha Formosa]] অৰ্থাৎসুন্দৰী দ্বীপ) নামেও পৰিচিত। ই পূব এছিয়াৰ চীনা মূল-ভূখণ্ড তিৰৱৰ্তী অঞ্চল আৰু জাপানৰ মূল- ভূখণ্ডৰ দক্ষিণ-পশ্চিমত অৱস্থিত। জাপানৰ ৰিউকিউ দ্বীপপুঞ্জৰ ঠিক পশ্চিমেই টাইৱান দ্বীপ অৱস্থিত। ইয়াৰ পূবত প্ৰশান্ত মহাসাগৰ, দক্ষিণে দক্ষিণ চীন সাগৰ আৰু লুজন প্ৰণালী, পশ্চিমে টাইৱান প্ৰণালী আৰু পূবে পূব চীন সাগৰ অৱস্থিত। টাইৱানৰ দীঘ প্ৰায় কিলোমিটাৰ (২৪৫ মাইল) আৰু প্ৰস্থ প্ৰায় ১৪৪ কিলোমিটাৰ (৮৯ মাইল)। ইয়াত পৰ্বত আৰু ক্ৰান্তীয় অৰণ্য দেখা যায়।
টাইৱানৰ মুঠ জনসংখ্যা প্ৰায় ২ কোটি ৩০ লাখ। তাৰে ভিতৰত হক্কেইন সম্প্ৰদায়ৰ লোক সৰ্বাধিক। আন আন অধিবাসী সমূহ হ'ল হাক্কা, প্ৰাচীন টাইৱানবাসী, চীনা টাইৱানবাসী,প্ৰবাসী টাইৱানবাসী ইত্যাদি। প্ৰধান ভাষা হ'ল মেণ্ডেৰীন আৰু টাইৱানী (মিননান উপভাষা), হাক্কা উপভাষা ইত্যাদি প্ৰধান উপভাষা। উচ্চপ্ৰযুক্তি, উষ্ণমণ্ডলীয় কৃষিজাতপণ্য প্ৰভৃতি ৰপ্তানি কৰি টাইৱানে অজস্ৰ বৈদেশিক মুদ্ৰা অৰ্জন কৰে। নেন'প্ৰযুক্তি, আলোক ইলেক্ট্ৰনিক্স, পৰ্যটন ইত্যাদি শিল্প টাইৱানৰ উন্নয়নত সহায়ক।