টাইটান
From Wikipedia, the free encyclopedia
গ্ৰীক কিংবদন্তিৰ মতে টাইটান বা টাইটানসকল (ইংৰাজী: Titans) হৈছে প্ৰাক অলিম্পিয়ান দেৱতা।[1] হেচিঅ'ডৰ থিঅ'গনিৰ আখ্যান মতে টাইটানসকল ভূদেৱী গেইয়া আৰু ইউৰেনাচৰ সন্তান। তেওঁলোকৰ মুঠ বাৰগৰাকীৰ ছগৰাকী পুৰুষ: অ'চেনাচ, ক'য়াচ, ক্ৰিয়াচ, হাইপেৰিয়ন, লেপিটাচ আৰু ক্ৰ'নচ। বাকী থকা ছগৰাকী হৈছে নাৰী। তেওঁলোকক টাইটানেচ বা টাইটানিডেচ বুলিও জনা যায়। তেওঁলোক হৈছে থেইয়া, ৰীয়া, থেমিচ, মেম'চিন, ফ'বি আৰু টেথিচ। ক্ৰ'নচে ৰীয়াৰ সৈতেযোৰ বান্ধে আৰু প্ৰথম প্ৰজন্মৰ অলিম্পিয়ান অৰ্থাৎ জ্যুচ, হেডিচ, প'জাইডন, হেষ্টিয়া, ডিমিটাৰ আৰু হীৰাৰ পিতৃ-মাতৃ হয়। টাইটানসকলৰ কোনো কোনো বংশধৰ যেনে প্ৰমিথিউচ, হেলিঅ'চ আৰু লেট'কো টাইটান হিচাপে জনা যায়।
টাইটানসকল হৈছে দ্বাদশ অলিম্পিয়ানৰ পূৰ্বসূৰী দেৱ-দেৱী। গ্ৰীকসকলৰ উত্তৰাধিকাৰৰ আখ্যানত কিদৰে ক্ৰ'নচে ইউৰেনাচক ক্ষমতাচ্যুত কৰি বাকী টাইটানসকলক লৈ ব্ৰহ্মাণ্ডৰ শাসনত অধিষ্ঠিত হয় আৰু পিছলৈ কিদৰে জ্যুচ আৰু অলিম্পিয়ানসকলে সুদীৰ্ঘ দহ বছৰীয়া যুদ্ধৰ অন্তত ক্ৰ'নচক ক্ষমতাচ্যুত কৰি শাসনৰ বাঘজৰী নিজৰ হাতলৈ আনে সেই কথা বৰ্ণনা কৰা হৈছে। এই যুদ্ধৰ ফলস্বৰূপে টাইটানসকলক টাৰটাৰাচত বন্দী কৰি ৰখা হয়। অৱশ্যে কোনো কোনো টাইটানক মুক্ত কৰি ৰখা হয়।