![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/5d/Tom_Daley_London_%2528cropped2%2529.jpg/640px-Tom_Daley_London_%2528cropped2%2529.jpg&w=640&q=50)
টম ডেলি
From Wikipedia, the free encyclopedia
টম ডেলি (ইংৰাজী: Tom Daley; সম্পূৰ্ণ নাম: থমাছ ৰবাৰ্ট ডেলি; Thomas Robert Daley; জন্ম ২১ মে ১৯৯৪)[2] এজন ব্ৰিটিছ ডাইভাৰ আৰু টেলিভিছন ব্যক্তিত্ব। ডেলি এজন অলিম্পিক স্বৰ্ণ পদক বিজয়ী ব্যক্তিত্ব। তেওঁ ১০ মিটাৰ ডাইভিং শাখাৰ খেলুৱৈ আৰু উক্ত শাখাত তেওঁ দুবাৰকৈ বিশ্ব চেম্পিয়ন; তেওঁ ১৫ বছৰ বয়সত ২০০৯ চনৰ ফিনা বিশ্ব চেম্পিয়নশ্বিপৰ একক শাখাত জয় লাভ কৰিছিল, ২০১৭ চনত পুনৰ এই শাখাত পদক প্ৰাপ্ত কৰাৰ পূৰ্বে ডেলি ২০১২ আৰু ২০১৬ চনৰ অলিম্পিক ব্ৰঞ্জ পদক বিজয়ী।
টম ডেলি | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() ২০১২ চনত ডেলি | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ব্যক্তিগত তথ্যাৱলী | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
সম্পূৰ্ণ নাম | থমাছ ৰবাৰ্ট ডেলি[1] | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ব্ৰিটিছ | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
জন্ম | ২১ মে', ১৯৯৪ (২৯ বছৰ) প্লায়মাউথ্,ইংলেণ্ড | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
জীৱিকা | ডাইভাৰ, টেলিভিছন ব্যক্তিত্ব | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
উচ্চতা | ১.৭৭মি. | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ওজন | ৭৪ কিলোগ্ৰাম[2] | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ক্ৰীড়া | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
দেশ | গ্ৰেট ব্ৰিটেইন ইংলেণ্ড | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ক্ৰীড়া | ডাইভিং | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
শিতান | ৩ মি., ১০ মি.; ৩ মি., ১০ মি চিংক্ৰো | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ক্লাব | প্লেমাউথ্ ডাইভিং ক্লাৱ লণ্ডন হাই পাৰ্ফমেন্স চেণ্টাৰ[3] | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
সংগী | মেটি লী[4] ডেনিয়েল গুডফেলো[5] গ্ৰেছ ৰিড[6] | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
প্ৰশিক্ষক | জেন ফিগুইৰেডো | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
|
ডেলিয়ে চিংক্ৰোনাইজ আৰু দলীয় প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই। ২০১৫ চনত, তেওঁ উদ্বোধনী মিক্সড টিমৰ বিশ্ব খিতাপলৈ ৰেবেকা গেলেণ্ট্ৰীৰ সৈতে অংশগ্ৰহণ কৰিছিল, আনহাতে ২০১৬ চনৰ অলিম্পিকত তেওঁ পুৰুষৰ চিংক্ৰোনাইজ ১০ মিটাৰ শাখাত ডেনিয়েল গুডফেলোৰ সৈতে দ্বিতীয়টো ব্ৰঞ্জ পদক লাভ কৰিছিল, ২০১৭ চনত, তেওঁ যৌথ ৩ মিটাৰ স্প্ৰিংবৰ্ড চিংক্ৰোনাইজড শাখাত গ্ৰেছ ৰিডৰ সৈতে ৰূপৰ পদক লাভ কৰিছিল।
তেওঁ সাত বছৰ বয়সত ডাইভিং আৰম্ভ কৰিছিল আৰু প্লাইমাউথ ডাইভিং ক্লাৱৰ সদস্য হৈছিল, য'ত তেওঁৰ প্ৰতিভাক সোনকালেই চিনাক্ত কৰা হয়, আৰু ৯ বছৰ বয়সৰ পৰাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ডেলিয়ে প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। তেওঁ ২০০৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত গ্ৰেট ব্ৰিটেইনক প্ৰতিনিধিত্ব কৰিছিল য'ত তেওঁ ব্ৰিটেইনৰ আটাইতকৈ কম বয়সৰ প্ৰতিযোগী আছিল। ১৪ বছৰ বয়সৰে ফাইনেলত অংশগ্ৰহণ কৰা যিকোনো দেশৰ প্ৰতিযোগীৰ মাজত তেওঁ আছিল কনিষ্ঠতম।[7] তেওঁ ২০১০ চনৰ কমনৱেলথ গেমছত ইংলেণ্ডৰ হৈ ১০ মিটাৰ চিনক্ৰ ডাইভিং (মেক্স ব্ৰিকৰ সৈতে) আৰু ১০ মিটাৰ একক প্লেটফৰ্ম প্ৰতিযোগিতাত, দুটাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়,[8] তাৰ পিছত তেওঁ ২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত একক শাখাত গ্ৰেট ব্ৰিটেইনৰ হৈ ব্ৰঞ্জৰ পদক জিকিছিল।
২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ পিছতে টেলিভিছন নেটৱৰ্ক আইটিভিয়ে তেওঁলোকৰ নতুন চেলিব্ৰিটি ডাইভিং ৰিয়েলিটি টিভি শ্ব' স্প্ল্যাছত ভূমিকা ল'বলৈ ডেলিৰ কাষ চাপিছিল!। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰা চেলিব্ৰেটি প্ৰতিযোগীসকলৰ পৰামৰ্শদাতা হিচাপে ৫ জানুৱাৰী ২০১৩ তাৰিখে শ্ব'টোৰ প্ৰিমিয়াৰত ডেলীয়ে আত্মপ্ৰকাশ কৰিছিল।[9]
২০১৬ গ্ৰীষ্মকালীন অলিম্পিকত, ডেলি আৰু ডেনিয়েল গুডফেলোৱে পুৰুষৰ চিংক্ৰ ১০ মিটাৰ প্লেটফৰ্মত ব্ৰঞ্জৰ পদক লাভকৰিবলৈ সক্ষম হয়। ২০২১ চনত টকিঅ'ত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত ২০২০ত ডেলীয়ে তেওঁৰ সংগী মেটি লীৰ সৈতে স্বৰ্ণ পদক লাভ কৰে। পুৰুষৰ চিংক্ৰ ১০ মিটাৰ প্লেটফৰ্মত, চীনা প্ৰতিযোগীসকলতকৈ ১.২৩ পইণ্টত ডেলি আৰু মেটিয়ে জয়লাভ কৰিছিল, তেওঁলোকৰ সামগ্ৰিক স্ক'ৰ আছিল ৪৭১.৮১।