জৰ্জ ফ্লইড হত্যাকাণ্ড
From Wikipedia, the free encyclopedia
২০২০ চনৰ ২৫ মে' তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিনিছ'টা ৰাজ্যৰ মিনিয়াপলিচ চহৰত জৰ্জ ফ্লইড নামৰ এগৰাকী ৪৬ বছৰীয়া কৃষ্ণাঙ্গ ব্যক্তিক জালি নোট ব্যৱহাৰৰ অভিযোগত পুলিচে গ্ৰপ্তাৰ কৰা সময়ত হত্যা কৰে।[1] ডেৰেক চৌভিন, এজন শ্বেতাঙ্গ পুলিচ বিষয়াই প্ৰায় ন মিনিট[note 1] ধৰি ফ্লইডৰ ডিঙিত আঁঠুৰে গচকি ধৰিছিল, সেইসময়ত ফ্লইডক হাতকেৰেয়া পিন্ধাই ৰখা হৈছিল আৰু তেওঁৰ মুখখন মাটিত থেকেচি দিয়া হৈছিল। ফ্লইডে তেওঁক এৰি দিবলৈ কাকুটি কৰিছিল আৰু জীৱনৰ ভিক্ষা মাগি বাৰে বাৰে কৈছিল "মই উশাহ ল'ব পৰা নাই" ("I can't breathe")।[3][4] পুলিচ অফিচাৰ জে. আলেকজেণ্ডাৰ কুয়েং আৰু থমাচ লেনে ফ্লইডক আৰু অধিক জোৰেৰে ধৰি ৰাখিছিল, লগতে পুলিচ অফিচাৰ টু থাৱে আন লোকক হস্তক্ষেপ কৰাৰ পৰা বিৰত ৰাখিছিল।[5][6] অন্তিম তিনি মিনিট সময়ত ফ্লইড স্থিৰ হৈ পৰছিল আৰু তেওঁৰ কোনো হৃদস্পন্দন নাছিল।[7][8] চৌভিনে তেওঁৰ আঁঠু ফ্লইডৰ ডিঙিৰ পৰা অঁতৰাবলৈ কাষতে থকা আন লোকে কৰা আবেদন অগ্ৰাহ্য কৰিছিল আৰু অৱশেষত চিকিৎসকে কোৱাৰ পাছতহে তেওঁৰ আঁঠু অঁতৰাইছিল। [9]
পিছদিনা, ঘটনাটোৰ সাক্ষী লোকসকলে ৰেকৰ্ড কৰা ভিডিঅ'সমূহ আৰু সুৰক্ষা কেমেৰাৰৰ ভিডিঅ'সমূহ ৰাজহুৱা হৈ পৰাৰ পাছত,[10][11][12] সকলো চাৰিজন পুলিচ বিষয়াকে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।[13][14] দুটি শব পৰীক্ষাই ফ্লইডৰ মৃত্যুক এক হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিছে। চৌভিনৰ বিৰুদ্ধে প্ৰথমে তৃতীয়-ডিগ্ৰী হত্যা (third-degree murder) আৰু দ্বিতীয়-ডিগ্ৰী নৰহত্যাৰ (second-degree manslaughter) অভিযোগ আনা হৈছিল,[15] পাছত তাত দ্বিতীয়-ডিগ্ৰী হত্যাৰ (second-degree murder) অভিযোগ যোগ কৰা হয়; অন্য তিনিজনৰ বিৰুদ্ধে দ্বিতীয়-ডিগ্ৰী হত্যাত সহায় কৰা আৰু পোষকতা কৰাৰ অভিযোগ অনা হৈছে।[3][16][8]
ফ্লইডৰ মৃত্যুৰ ঘটনাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২,০০০তকৈ অধিক চহৰৰ লগতে সমগ্ৰ বিশ্বজুৰি বিভিন্ন অঞ্চলত পুলিচৰ বৰ্বৰতা, পুলিচৰ বৰ্ণবৈষম্য আৰু পুলিচৰ দায়বদ্ধতাৰ অভাৱৰ বিৰুদ্ধে প্ৰতিবাদ আৰু বিক্ষোভৰ সূত্ৰপাত হয়।[17]