জোছেফ শ্বান
From Wikipedia, the free encyclopedia
ছাৰ জোছেফ ৱিলছন শ্বান (ইংৰাজী: Sir Joseph Wilson Swan, ৩১ অক্টোবৰ ১৮২৮-২৭ মে' ১৯১৪) আছিল এগৰাকী ইংৰাজ পদাৰ্থ বিজ্ঞানী, ৰসায়নবিদ আৰু উদ্ভাৱক। বিজুলী বাতিৰ এগৰাকী স্বতন্ত্ৰ আৰু প্ৰাৰম্ভিক পৰ্যায়ৰ উদ্ভাৱক হিচাপে শ্বান পৰিচিত। ঘৰুৱা ব্যৱহাৰ আৰু ৰাজহুৱা ভৱনৰ বাবে তাপোদ্দীপক বিজুলী বাতিৰে পোহৰ যোগান ধৰা আৰু উদ্ভাৱন কৰা তেওঁ হৈছে প্ৰথমজন ব্যক্তি। সেইসমূহ ভৱনৰ ভিতৰত লণ্ডনৰ ছেভয় থিয়েটাৰো (১৮৮১) অন্তৰ্ভুক্ত।[1][2]
ছাৰ জোছেফ ৱিলছন শ্বান | |
---|---|
![]() শ্বানৰ আলোকচিত্ৰ (প্ৰায় ১৯০০ চনৰ) | |
জন্ম | জোছেফ ৱিলছন শ্বান ৩১ অক্টোবৰ, ১৮২৮ বিশ্বপৱেৰমাউথ, চান্দাৰলেণ্ড চহৰ, ডাৰহাম কাউণ্টি, ইংলেণ্ড |
মৃত্যু | ২৭ মে', ১৯১৪ (৮৫ বছৰ) ৱাৰলিংগহাম, ছাৰেই, ইংলেণ্ড |
জাতীয়তা | ব্ৰিটিছ |
ক্ষেত্ৰ | পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান |
জনা যায় | তাপোদ্দীপক বিজুলী বাতি (Incandescent Light Bulb) আলোকচিত্ৰীয় পদ্ধতি |
উল্লেখনীয় বঁটা | হাউছ পদক (১৯০৪) এলবাৰ্ট পদক (Royal Society of Arts) (১৯০৬) |
১৯০৪ চনত শ্বানক ৰজা এডৱাৰ্ড সপ্তমে সন্মানীয় নাইট উপাধি প্ৰদান কৰে।[3] সেইটো বছৰতে তেখেতক ৰয়েল সমাজে হাউছ পদক (Hughes Medal) প্ৰদান কৰে। আনহাতে গ্ৰেট ব্ৰিটেইনৰ ৰয়েল ফাৰ্মাছিউটিকেল সমাজ-এ তেওঁক এজন সন্মানীয় সদস্য হিচাপে নিৰ্বাচিত কৰে। ১৮৮১ চনত পেৰিছত অনুষ্ঠিত আন্তৰ্জাতিক বিদ্যুৎ প্ৰদৰ্শনীত শ্বানক ফ্ৰান্সৰ সৰ্বোচ্চ সন্মান লিজন অৱ অ'নাৰ প্ৰদান কৰা হয়। এই প্ৰদৰ্শনীত তেখেতৰ উদ্ভাৱনসমূহো প্ৰদৰ্শন কৰা হয় আৰু চহৰখন বৈদ্যুতিক পোহৰেৰে আলোকিত কৰা হয়।[4]