জৈৱ প্ৰযুক্তি
From Wikipedia, the free encyclopedia
একবিংশ শতিকাত মানৱ প্ৰজাতিৰ লগত অন্য জীৱৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত জৈৱ প্ৰযুক্তি বিদ্যাৰ অৰিহণা এইক্ষেত্ৰত অপৰিসীম। জৈৱ প্ৰযুক্তি বিদ্যাৰ জৰিয়তে বিভিন্ন বেমাৰ ৰোধ কৰিব পৰা যায়। জৈৱ প্ৰযুক্তি হ’ল বৰ্তমান যুগৰ আটাইতকৈ আশাপ্ৰদ, সুবিধাজনক তথা কাৰ্যকৰী ব্যৱস্থা। বিভিন্ন প্ৰতিৰোধীকৰণ ব্যৱস্থাৰ জৰিয়তে ৰোগ প্ৰতিৰোধ কৰিব পাৰি। ইয়াৰ সহায়ত প্ৰতিকাৰ সম্ভৱ নোহোৱা কিছুমান বেমাৰৰ প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে। যিকোনো এটা ৰোগৰ ৰোগ নিৰূপণ বা ৰোগৰ বীজাণু চিনাক্তকৰণ প্ৰণালীৱদ্ধভাৱে সঠিকভাৱে নিৰ্ণয় কৰাত জৈৱ প্ৰযুক্তিয়ে এক ডাঙৰ ভূমিকা পালন কৰে। যিকোনো বেমাৰ আৰু তাৰ বীজাণু সঠিকভাৱে পৰীক্ষা কৰি নিৰূপণ কৰাত ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ই এক বিশেষ ভূমিকা গ্ৰহণ কৰে। জৈৱ প্ৰযুক্তি বিদ্যাৰ জৰিয়তে অভিনৱ সৃষ্টি, ৰোগ নিৰ্ণয়কাৰী পৰীক্ষা প্ৰণালীসমূহ অতি সোনকালে তথা পুংখানুপুংখভাৱে ৰোগ নিৰ্ণয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এই পৰীক্ষা কৰা পদ্ধতিক মনক্লনেল এণ্টিব’ডী আৰু প্ৰ’বছ- এই দুটা ভাগত ভগাব পাৰি। জৈৱ প্ৰযুক্তি বিদ্যাৰ জৰিয়তে বৰ্তমান জিন থেৰাপীৰ মাধ্যমেৰে বহুতো দুৰাৰোগ্য ব্যাধি যেনে- কেন্সাৰ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, মানসিক ৰোগ আদিৰ দিশত বহু দুৰ সাফল্য লাভ কৰিব পাৰে। জৈৱ প্ৰযুক্তি একবিংশ শতিকাৰ এক মুখ্য উপাদান। জৈৱ প্ৰযুক্তি বিদ্যাৰ অৱদানসমূহ জনস্বাস্থ্য ৰক্ষাত যথেষ্ট অগ্ৰগতি আৰু আশাপ্ৰদ ফল লাভ কৰিব পৰা গৈছে। জৈৱ প্ৰযুক্তি বিদ্যাৰ অৱদানসমূহ জনস্বাস্থ্য ৰক্ষাত যথেষ্ট অৰিহণা আগবঢ়াইছে। অনাগত দিনত এই প্ৰযুক্তিৰ দ্বাৰা অধিক কাৰ্যক্ষম তথা অভিনৱ সৃষ্টি আশা কৰিব পাৰে।[1]
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
জৈৱ প্ৰযুক্তিবিদ্যা বা বায়’টেক্নল’জি শব্দটো ১৯১৯ চনত প্ৰথমে ব্যৱহাৰ কৰিছিল হাঙ্গেৰিৰ কাৰ্ল এৰৰ্কে (Karl Ereky) নামৰ বিজ্ঞানীজনে। চল’মন আৰু বেৰিৰ (১৯৯৫) মতে জীৱিত জীৱৰ পৰা মানৱ জাতিৰ কল্যাণৰ কাৰণে প্ৰয়োজনীয় বস্তু উৎপাদনৰ প্ৰক্ৰিয়াকে জৈৱ প্ৰযুক্তিবিদ্যা বোলা হয়। প্ৰাচীন কালৰ পৰাই মানুহে নিজৰ প্ৰয়োজন পূৰাবলৈ নানা ধৰণৰ জৈৱ প্ৰযুক্তি ব্যৱহাৰ কৰি আহিছে। ১৯৭০ ৰ দশকৰ পিছৰ সময়তহে আধুনিক জৈৱ প্ৰযুক্তি বিজ্ঞানৰ বিকাশ হোৱা বুলি কোৱা হয়। ১) প্ৰাচীন জৈৱ প্ৰযুক্তিসমূহ: (i) পাউৰুটি তৈয়াৰ কৰা উদ্যোগসমূহত ইষ্ট নামৰ ভেকুঁৰৰ ব্যৱহাৰ। (ii) দৈ, মাখন, পনিৰ আদি তৈয়াৰ কৰিবলৈ বেক্টেৰিয়াৰ ব্যৱহাৰ। (iii) পতঙ্গই আক্ৰমণ কৰা কৃষিভূমিত পতঙ্গভোজী প্ৰাণী এৰি দি নাশক পতঙ্গৰ জৈৱিক নিয়ন্ত্ৰণ। (iv) বিভিন্ন ধৰণৰ মদ, পনীয় আৰু জৈৱসাৰ উৎপাদনত জৈৱ প্ৰযুক্তিৰ প্ৰয়োগ। ২) আধুনিক জৈৱ প্ৰযুক্তিসমূহ: (i) জৈৱ গেছৰ ব্যৱহাৰ। (ii) মাছৰ প্ৰণোদিত প্ৰজনন। (iii) নিদিষ্ট কিছুমান অণুজীৱৰ পৰা পেনিচিলিন, টেৰামাইচিন ইত্যাদি প্ৰতিজৈৱিক ঔষধৰ উৎপাদন। (iv) গুটিবিহীন আৰু সহজতে পচন নোহোৱা ফল-মূলৰ উৎপাদন। (v) সংকৰণ পদ্ধতিৰে নানা প্ৰকাৰৰ উৎপানক্ষম শস্য আৰু ফল-মূলৰ উৎপাদন।
এইবোৰৰ উপৰিও আধুনিক জৈৱ প্ৰযুক্তিবিদ্যাৰ জৰিয়তে কৃত্ৰিম ভাবে উদ্ভিদ আৰু প্ৰাণীকোষৰ জিনীয় সজ্জা সলনি কৰি লোৱা হয়। এই প্ৰক্ৰিয়াত একপ্ৰকাৰ কোষৰ DNAৰ পৰা পৰা নিৰ্বাচিত আৰু উপযোগী অংশ কাটি উলিওৱা হয়। ইয়াৰ পিছত কাটি উলিওৱা DNAৰ অংশখিনি উপযোগী বুলি বিবেচিত কিছুমান বাহক জীৱৰ (Vector) বিশেষকৈ অণুজীৱৰ প্লাজমিড বা ফাজৰ DNA ৰ লগত জোৰা দি নতুন সংকৰ DNA ৰ সৃষ্টি কৰা হয় আৰু ইয়াক ৰিকম্বিনেণ্ট DNA (Recombinant DNA/rDNA) বোলা হয়। অৰ্থাৎ কোনো বহিৰাগত DNA আৰু বাহক DNA সংযুক্ত হৈ যি নতুন সংকৰ DNA ৰ সৃষ্টি হয় তাকে ৰিকম্বিনেণ্ট DNA বোলা হয়। জিনীয় অভিযন্ত্ৰণো এক প্ৰকাৰৰ জৈৱ প্ৰযুক্তি য’ত মানুহে জিনীয় পদাৰ্থবোৰৰ কটা-চিগা, প্ৰত্যাৰোপণ আৰু সংবৰ্ধন কৰে। ৰিকম্বিনেণ্ট DNA বোৰ DNA পুনৰ্গঠন কাৰিকৰী কৌশল পদ্ধতিৰ (Recombinant DNA Technology) দ্বাৰা বহিৰাগত জিন প্ৰাণী বা উদ্ভিদৰ কোষৰ জিনমত সুমুৱাই দি বংশান্তৰিতকৰণ কৰা হয়। DNA অণুবোৰৰ আনৱিক আকাৰ উৎসেচকৰ আনৱিক আকাৰতকৈ ডাঙৰ কিয়নো উৎসেচকবোৰ সাধাৰণতে প্ৰটিন আৰু DNA ৰ সৰু অংশৰ পৰাহে প্ৰটিন সংশ্লেষণ হয়।