জেৰুজালেম
From Wikipedia, the free encyclopedia
জেৰুজালেম (/dʒəˈruːsələm/[i]) ভূমধ্য সাগৰ (Mediterranean Sea) ৰ আৰু মৃত সাগৰ (Dead sea)ৰ মাজত জুডিয়ান পৰ্বতমালা (Judean Mountains)ৰ এক মালভূমিত অৱস্থিত বিশ্বৰ ভিতৰতে এক প্ৰাচীন চহৰ। এই চহৰখন বিশ্বৰ তিনিটা ধৰ্ম, মুছলমান, খ্ৰীষ্টান আৰু ইহুদী লোকৰ বাবে এক পবিত্ৰ তীৰ্থস্থান বুলি গণ্য কৰা হয়। ইজৰাইল আৰু পেলেষ্টাইন দুয়োখন দেশে এই চহৰক ৰাজধানী বুলি গণ্য কৰে আৰু ইয়াৰ ওপৰত অধিকাৰ দাবী কৰি আহিছে।
জেৰুজালেম |
|||
---|---|---|---|
— City — | |||
|
|||
অন্য নাম: Ir ha-Kodesh (The Holy City), Bayt al-Maqdis (House of the Holiness) | |||
ভৌগোলিক স্থানাংক: 31°47′N 35°13′E | |||
Claimed by | Israel Palestine[vii] |
||
Administered by | Israel | ||
Israeli District | Jerusalem | ||
Palestinian Governorate | Jerusalem | ||
চৰকাৰ | |||
- প্ৰকাৰ | Mayor–Council | ||
- পৰিষদ | Jerusalem Municipality | ||
- Israeli Mayor | Nir Barkat | ||
মাটিকালি | |||
- City | 1,25,156 dunams (125.2 km2 / 48.3 sq mi) | ||
- মহানগৰ | ৬৫২ কি.মি.২ (২৫১.৭ বৰ্গ মাইল) |
||
উচ্চতা | ৭৫৪ মিটাৰ (২,৪৭৩.৭৫ ফুট) | ||
জনসংখ্যা (২০১৩) | |||
- City | ৮,৯০,৪২৮'"`UNIQ--ref-০০০০০০০১-QINU`"' জন | ||
- জনঘনত্ব | ৬,৪০০ প্ৰতি বৰ্গ কি.মি. (১৬,৫৭৫.৯ প্ৰতি বৰ্গ মাইল) |
||
- মহানগৰ | ১০,২৯,৩০০ জন | ||
বিশেষণ | Jerusalemite, West Jerusalemite, East Jerusalemite Qudsi/Maqdisi (used by Palestinians) |
||
সময় অঞ্চল | (গ্ৰী.মা.স.+2) | ||
- গ্ৰীষ্ম (দি স স) | (গ্ৰী.মা.স.+3) | ||
অঞ্চল কোড | Overseas dialling: +972-2 Local dialling: 02 |
||
ৱেবছাইট | jerusalem.muni.il[iv] |
দীঘলীয়া ইতিহাসত জেৰুজালেম কমেও দুবাৰ ধ্বংস কৰা হৈছিল, ২৩ বাৰ ঘেৰাও, ৫২ বাৰ আক্ৰমণ আৰু ৪৪ বাৰ বলপূৰ্বক দখল কৰা হৈছিল। [1] এই মহানগৰৰ আটাইতকৈ প্ৰাচীন আংশটোত ’4th millennium BCE’ ৰ সময়তে মানুহে বসবাস কৰিবলৈ লৈছিল।[2] ১৫৩৮ চনত ছুলেইমান শাসনৰ অধীনত জেৰুজালেমৰ চাৰিওদিশে দেৱাল নিৰ্মাণ কৰা হৈছিল। বৰ্তমান সেই দেৱালসমূহেই প্ৰাচীন মহানগৰৰ সীমা নিৰ্ধাৰণ কৰে। এই প্ৰাচীন অংশটো ঐতিহাসিকভাৱে চাৰিটা খণ্ডত বিভক্ত কৰা হৈছিল- আৰমেনিয়ান (Armenian), খ্ৰীষ্টান, ইহুদী আৰু মুছলমান খণ্ড। [3] প্ৰাচীন মহানগৰৰ অংশটোৱে ১৯৮১ চনত হেৰিটেজ ছাইটৰ মৰ্য্যদা লাভ কৰে। বৰ্তমান এই মহানগৰক বিপদাপন্ন ৱৰ্ল্ড হেৰিটেজ ছাইট (World Heritage in Danger) বুলি ঘোষণা কৰা হৈছে। [4] আধুনিক জেৰুজালেম প্ৰাচীন চহৰখনৰ সীমাৰ পৰা যথেষ্ট বৃদ্ধি পাইছে।
বৰ্তমান জেৰুজালেমৰ স্থিতি ইজৰাইল-পেলেষ্টাইন সংঘৰ্ষৰ মূল বিতৰ্কিত বিষয়। ১৯৪৮ চনৰ আৰব-ইজৰাইলী যুদ্ধৰ সময়ত, ইজৰাইলে অন্যান্য অঞ্চলৰ লগতে পশ্চিম জেৰুজালেম অধিকাৰ কৰে। পূব জেৰুজালেমৰ লগতে প্ৰাচীন মহানগৰখন পৰৱৰ্তী কালত জৰ্ডানে অধিকাৰ কৰে। কিন্তু ১৯৬৭ চনত ইজৰাইলে ’ছদিনীয়া যুদ্ধ’ (Six-Day War)-ৰ অন্তত জৰ্ডানৰ পৰা এই অংশও নিজৰ অধীনলৈ নিয়ে। ইজৰাইলৰ ১৯৮০ জেৰুজালেম আইনে এই চহৰক ইজৰাইলৰ ৰাজধানী বুলি ঘোষণা কৰে। ইজৰাইল চৰকাৰৰ সকলো গুৰুত্বপূৰ্ণ কাৰ্যা্যলয়, প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ বাসগৃহ আৰু উচ্চতম ন্যায়ালয়ৰ কাৰ্য্যালয়ো জেৰুজালেমত প্ৰতিষ্ঠা কৰা হয়। আন্তৰাষ্ট্ৰীয় সম্প্ৰদায়ে এই বলপূৰ্বক দখলক বেআইনী বুলি ঘোষণা কৰে আৰু বৰ্তমানো পূব জেৰুজালেমক ইজৰাইলৰ দখলত থকা পেলেষ্টাইনৰ অংশ বুলি গণ্য কৰে।[5][6][7][8] আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে জেৰুজালেমক ইজৰাইলৰ ৰাজধানী বুলিও স্বীকৃতি নিদিয়ে। এই চহৰত কোনো বৈদেশিক মন্ত্ৰালয় নাই।