জেমছ পি. এলিচন
From Wikipedia, the free encyclopedia
জেমছ পি. এলিচন (ইংৰাজী: James P. Allison; জন্ম: ৭ আগষ্ট ১৯৪৮) এজন আমেৰিকান ৰোগ প্ৰতিৰোধ বিজ্ঞানী। তেওঁ বৰ্তমান এম. ডি. এণ্ডাৰচন কেঞ্চাৰ চেণ্টাৰৰ ৰোগ প্ৰতিৰোধ বিজ্ঞান আসনৰ অধ্যাপক আৰু ৰোগ প্ৰতিৰোধ থেৰাপি চিকিৎসাৰ সঞ্চালক। তেওঁৰ আবিষ্কাৰ সমূহে কৰ্কট ৰোগৰ নতুন চিকিৎসা পদ্ধতিৰ নতুন দিশ সূচনা কৰিছে। তেওঁ কেঞ্চাৰ ৰিচাৰ্ছ ইনষ্টিটিউটৰৰ বৈজ্ঞানিক উপদেশ পৰিষদৰ সঞ্চালক। তেওঁ টি-চেলৰ ওপৰত গৱেষণা কৰি ইয়াৰ গঠন, বিকাশ, সক্ৰিয়কৰণ আৰু ইয়াৰ দ্বাৰা কৰ্কট ৰোগৰ চিকিৎসাৰ পদ্ধতি উদ্ভাৱন কৰিছিল।[5] কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটা লাভ কৰা বিজ্ঞানী এলিচনে ২০১৮ চনত টাচুকু হঞ্জ'ৰ সৈতে যুটীয়ভাৱে "কৰ্কট ৰোগৰ চিকিৎসা পদ্ধতি উদ্ভাৱন আৰু ঋণাত্মক ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে" চিকিৎসা আৰু শৰীৰতত্ত্ব বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[6][7]
ক্ষিপ্ৰ তথ্য জেমছ পি. এলিচন, জন্ম ...
জেমছ পি. এলিচন | |
---|---|
জন্ম | ৭ আগষ্ট, ১৯৪৮ (৭৫ বছৰ) এলিছ, টেক্সাছ |
বাসস্থান | হষ্টন, টেক্সাছ |
জাতীয়তা | আমেৰিকান |
ক্ষেত্ৰ | ৰোগ প্ৰতিৰোধ বিজ্ঞান |
কৰ্মস্থান | এম. ডি. এণ্ডাৰচন কেঞ্চাৰ চেণ্টাৰ কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলে |
শিক্ষানুষ্ঠান | টেক্সাছ বিশ্ববিদ্যালয়, অষ্টিন |
ডক্তৰেল পৰামৰ্শদাতা | জি. ব্ৰেৰী কিট' |
জনা যায় | কৰ্কট ৰোগ প্ৰতিৰোধী গৱেষণা |
উল্লেখনীয় বঁটা | জীৱ বিজ্ঞানৰ ব্ৰেকথ্ৰো' প্ৰাইজ (২০১৪) টাং প্ৰাইজ (২০১৪)[1] লুইছ গ্ৰছ হৰৱিটজ্ প্ৰাইজ (২০১৪) হাৰভে প্ৰাইজ (২০১৪) গ্ৰিণ্ডনাৰ ফাউণ্ডেচন আন্তঃৰাষ্ট্ৰীয় বঁটা (২০১৪) লাস্কাৰ ডে-বাকে ক্লিনিকেল মেডিকেল গৱেষণা বঁটা (২০১৫)[2] ব্লফ প্ৰাইজ (২০১৭) বালজান প্ৰাইজ (২০১৭, ৰবাৰ্ট ডি. স্কৰেইবাৰৰ সৈতে যুটীয়া ভাবে) দা জবাৰ্গ প্ৰাইজ (২০১৭, এন্থনি আৰ. হাণ্টাৰৰ সৈতে যুটীয়ভাৱে) কিং ফেইজেল আন্তঃৰাষ্ট্ৰীয় বঁটা (২০১৮) আলবাণী মেডিকেল চেণ্টাৰ প্ৰাইজ (২০১৮) জৈৱৰসায়নৰ ড॰ পাল জানছেন বঁটা (২০১৮)[3] চিকিৎসা আৰু শৰীৰতত্ত্ব বিজ্ঞানৰ নোবেল বঁটা (২০১৮) |
দাম্পত্যসঙ্গী | পদ্মিনী শৰ্মা[4] |
বন্ধ কৰক