জাপান সাগৰ (ইংৰাজী: Sea of Japan; তলত চাওক) হৈছে জাপানী দ্বীপপূঞ্জ, ছাখালিন, আৰু এছীয় মূলভূমিৰ মাজত থকা এখন সীমান্তৱৰ্তী সাগৰ। জাপানী দ্বীপপূঞ্জই সাগৰখনক প্ৰশান্ত মহাসাগৰৰ পৰা পৃথক কৰিছে। ইয়াৰ সীমাত জাপান, উত্তৰ কোৰিয়া, ৰাছিয়া আৰু দক্ষিণ কোৰিয়া আছে। প্ৰায় সম্পূৰ্ণৰূপে প্ৰশান্ত মহাসাগৰৰ কাষত থকা বাবে ভূমধ্য সাগৰৰ দৰে ইয়াতো জোৱাৰ-ভাটা নহয়।[1] ইয়াৰ জীৱ প্ৰজাতি আৰু লৱনত্বতো এই পৃথকীকৰণ প্ৰতিফলিত হয়। এই সাগৰৰ লৱনৰ পৰিমান মহাসাগৰতকৈ কম। সাগৰখনৰ কোনো ডাঙৰ দ্বীপ, উপসাগৰ নাইবা অন্তৰীপ নাই। ওচৰৰ সাগৰ আৰু প্ৰশান্ত মহাসাগৰৰ সৈতে সংযুক্ত প্ৰণালীসমূহৰ মাজেৰে বোৱা পানীয়েই ইয়াৰ জলস্তৰ নিৰ্ধাৰণ কৰে। কিছুসংখ্যক নদী ইয়াত পৰিছে যদিও সেই নদীসমূহে বিনিময় কৰা পানীৰ পৰিমান ১% মাত্ৰ।
ক্ষিপ্ৰ তথ্য জাপানী নাম, কাঞ্জি ...
জাপান সাগৰ |
|
জাপানী নাম |
---|
কাঞ্জি |
日本海 |
---|
হিৰাগানা |
にほんかい |
---|
লিপ্যানুবাদসমূহ |
---|
পৰিবৰ্তিত হেপবাৰ্ণ |
নিহ'ন-কাই |
|
উত্তৰ কোৰিয়ান নাম |
---|
হাংগুল |
조선동해 |
---|
হাঞ্চা |
朝鮮東海 |
---|
লিপ্যানুবাদসমূহ |
---|
অসমীয়াকৰণ |
জোছে'ন ডংঘায়ে |
---|
মেক-ক্যুন ৰেইস্কাৱাৰ |
চোজন টংঘায়ে |
|
দক্ষিন কোৰিয়ান নান |
---|
হাংগুল |
동해 |
---|
হাঞ্জা |
東海 |
---|
লিপ্যানুবাদসমূহ |
---|
অসমীয়াকৰণ |
ডংঘায়ে |
---|
মেক-ক্যুন ৰেইস্কাৱাৰ |
টংঘায়ে |
|
ৰাছিয়ান নাম |
---|
ৰাছিয়ান |
Японское море |
---|
অসমীয়াকৰণ |
য়াপ'নস্ক'য়ে ম'ৰে |
বন্ধ কৰক