জলবিদ্যুতৰ দ্বাৰা উৎপাদিত বিদ্যুৎ From Wikipedia, the free encyclopedia
জলবিদ্যুৎ (ইংৰাজী: Hydroelectricity) হৈছে জলশক্তিৰ পৰা উৎপাদন হোৱা বিদ্যুৎ। ২০১৫ চনৰ তথ্য মতে, পৃথিৱীৰ সৰ্বমুঠ বিদ্যুৎ উৎপাদনৰ প্ৰায় ১৬.৬%য়েই হৈছে জলবিদ্যুৎ। আনহাতে, নৱীকৰণযোগ্য বৈদ্যুতিক শক্তিৰ প্ৰায় ৭০%য়েই হৈছে জলবিদ্যুৎ।[1] অনুমান কৰা হৈছে, পৰৱৰ্তী ২৫ বছৰলৈকে জলবিদ্যুতৰ পৰিমাণ প্ৰতিটো বছৰতে ৩.১%কৈ বাঢ়ি থাকিব।
পৃথিৱীৰ ১৫০খন দেশত জলবিদ্যুৎ প্ৰকল্প আছে। তাৰে ভিতৰত, ২০১৩ চনত এছিয়া-প্ৰশান্ত ক্ষেত্ৰই গোলকীয় উৎপাদনৰ প্ৰায় ৩৩% জলবিদ্যুৎ উৎপাদন কৰিছিল। জলবিদ্যুৎ উৎপাদনৰ তালিকাত চীনৰ স্থান শীৰ্ষত আছে। ২০১৩ চনত চীনদেশে ৯২০ টেৰাৱাট-ঘণ্টা জলবিদ্যুৎ উৎপাদন কৰিছে, যিটো আছিল তেওঁলোকৰ ঘৰুৱা ব্যৱহাৰৰ প্ৰায় ১৬.৯% বিদ্যুৎ শক্তি।
জলবিদ্যুৎ প্ৰকল্পৰ ব্যয় কম। কয়লা আৰু গেছৰ দৰে জলবিদ্যুৎ প্ৰকল্প এটাই পানীৰ খৰচ (Consume) নকৰে। ১০ মেগাৱাটতকৈ ডাঙৰ প্ৰকল্প এটাৰ পৰা উৎপাদিত হোৱা এক ইউনিট বিদ্যুতৰ খৰচ আমেৰিকান মূল্যৰ হিচাপত ৩ৰ পৰা ৫ চেণ্ট (২৩-৩৮ পইছা) হ'ব পাৰে।[2] এনেধৰণৰ প্ৰকল্পত বান্ধ আৰু জলভাণ্ডাৰ এটা থাকে, যিয়ে ইয়াক বিদ্যুতৰ নমনীয় উৎস হিচাপে গঢ়ি তোলে। কিয়নো উৎপাদিত কৰিবলগীয়া বিদ্যুৎ সময় আৰু পৰিস্থিতিবিশেষে সঘনাই সলনি কৰিব পাৰি। জলবিদ্যুৎ প্ৰকল্প এটা আৰম্ভ হৈ যোৱাৰ পাছত কোনোধৰণৰ পোনপটীয়া অপচয়ৰ (Waste) সৃষ্টি নহয়। সাধাৰণতে ফটো-ভলটেইক উৎপাদন আৰু জীৱাশ্মচালিত শক্তিকেন্দ্ৰৰ তুলনাত জলবিদ্যুতে কম পৰিমাণৰ গ্ৰীনহাউচ গেছ সৃষ্টি কৰে।[3] অৱশ্যে জলবিদ্যুৎ প্ৰকল্পৰ কেতবোৰ নেতিবাচক দিশো আছে। প্ৰসংগক্ৰমে ক'ব পাৰি যে, জলভাণ্ডাৰত যদি প্ৰয়োজনাধিক পানী জমা কৰি ৰখা হয়, তেন্তে তলেৰে বৈ যোৱা জলভাণ্ডাৰটোৰ নদীৰ অংশ শুকাই যাব পাৰে। সেইকাৰণে অধিকাংশ জলবিদ্যুৎ প্ৰকল্পই বছৰৰ বিশেষ সময়ত জমা পানীৰ কিছু অংশ এৰি দিবলগীয়া হয়। যদিহে পানীহে সঠিক হাৰত এৰি দিয়া নহয়, তেন্তে নিম্নাংশ জলৰ পৰিমাণ কমি যাব আৰু পশু তথা উদ্ভিদকুলৰ জীৱন বিপদাপন্ন হ'ব।[4]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.