জয়পুৰ
ৰাজস্থানৰ ৰাজধানী চহৰ / From Wikipedia, the free encyclopedia
জয়পুৰ ভাৰতৰ ৰাজস্থান ৰাজ্যৰ ৰাজধানী তথা বৃহত্তম চহৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি, ৩১ লাখ লোকৰ সৈতে ই ভাৰতৰ দশম আটাইতকৈ জনবহুল চহৰ। ইয়াক গোলাপী নগৰ (Pink City) বুলিও জনা যায় কাৰণ ইয়াৰ অধিকাংশ অট্টালিকাৰ ৰং গুলপীয়া। ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ পৰা ইয়াৰ দূৰত্ব ২৬৮ কি:মি: (১৬৭ মাইল)।
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
জয়পুৰ | |||||||
— নগৰ — | |||||||
স্থানাঙ্ক | 26.9260°0′0″N 75.8235°0′0″E | ||||||
দেশ | ভাৰত | ||||||
অঞ্চল | মধ্য ৰাজস্থান | ||||||
ৰাজ্য | ৰাজস্থান | ||||||
জিলা | জয়পুৰ নগৰ | ||||||
মেয়ৰ | জৌতি খান্দেলৱাল | ||||||
পুলিচ কমিচনাৰ | ভুপেঅন্দ্ৰ কুমাৰ ডাক | ||||||
জনসংখ্যা • ঘনত্ব |
30,73,350 (44) (2011[update]) • 5,528 /কিমি২ (14,317 /বৰ্গ মাইল) (44) (2010[update]) | ||||||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||||||
মাটিকালি • উচ্চতা |
>556 km (345 mi)> • 55 m (180 ft) | ||||||
ক'ড
| |||||||
ৱেবছাইট | জয়পুৰ |
জয়পুৰ | |
---|---|
বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাভুক্ত হিচাপে নাম | |
দেশ | ভাৰত |
ধৰণ | সাংস্কৃতিক |
মাপকাঠি | ii, iv, vi |
উদ্ধৃতি | ১৬০৫ |
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল | দক্ষিণ এছিয়া |
অভিলিখনৰ ইতিহাস | |
অভিলিখন | ২০১৯ (৪৩তম অধিবেশন) |
১৭২৯ চনত আজমেৰৰ ৰাজপুত শাসক দ্বিতীয় জয় সিঙৰ দ্বাৰা জয়পুৰ চহৰ স্থাপন কৰা হয়, যাৰ নামত চহৰখনৰ নাম ৰখা হ'ল। ইয়াক আধুনিক নগৰ পৰিকল্পনাবিদসকলৰ দ্বাৰা সুপৰিকল্পিত আৰু সুসংগঠিত নগৰসমূহৰ মাজত গণ্য কৰা হয়। ইয়াৰ পৰিকল্পনা বিদ্যাধৰ ভট্টাচাৰ্যৰ দ্বাৰা কৰা হৈছে। ঔপনিৱেশিক কালত ই জয়পুৰ ৰাজ্যৰ ৰাজধানী হিচাপে কাম কৰিছে। ১৯৪৭ চনত স্বাধীনতাৰ পাছত ইয়াক নৱগঠিত ৰাজস্থান ৰাজ্যৰ ৰাজধানী চহৰ কৰা হয়।
জয়পুৰ ভাৰতৰ এক জনপ্ৰিয় পৰ্যটন স্থল আৰু ই দিল্লী আৰু আগ্ৰাসহ পশ্চিমীয়া গ'ল্ডেন ট্ৰায়েংগেল টুৰিষ্ট চাৰ্কিটৰ এক অংশ। ই ৰাজস্থানৰ অন্য পৰ্যটন স্থল যেনে- যোধপুৰ, জয়শালমেৰ, উদয়পুৰ, কোটা, আবু পৰ্বত আদিৰ প্ৰৱেশদ্বাৰ হিচাপেও কাম কৰে। জয়পুৰ ছিমলাৰ পৰা ৬১৬ কি:মি: দূৰৈত অৱস্থিত।
২০১৯ চনৰ ৬ জুলাই তাৰিখে ইউনেস্কো ঐতিহ্যবাহী স্থান সমিতিয়ে “ভাৰতৰ গোলাপী নগৰ” জয়পুৰক বিশ্ব ঐতিহ্যবাহী স্থানসমূহৰ তালিকাত অন্তৰ্ভুক্ত কৰে। ইয়াত ইউনেস্কো ঐতিহ্যবাহী স্থান আমেৰ কিল্লা আৰু যন্তৰ মন্তৰো অৱস্থিত।