![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/1/19/Jaundice08.jpg/640px-Jaundice08.jpg&w=640&q=50)
জণ্ডিছ
From Wikipedia, the free encyclopedia
জণ্ডিচ (ইংৰাজী: Jaundice; বা ইক্টেৰাছ (icterus))[1] বুলিলে শৰীৰৰ ছাল আৰু চকুৰ বগা অংশত হালধীয়া ৰঙ দেখা দিয়া এবিধ ৰোগৰ লক্ষণক বুজায়। জণ্ডিচৰ হালধীয়া ৰঙ দেহৰ মিউকাছ কোষাবৰণত বেছিকৈ দেখা যায়। চকুৰ বগা অংশৰ বাহিৰে মুখ-গহ্বৰ আদিত এই হালধীয়া ৰঙ সহজে ধৰিব পাৰি। এই লক্ষণত প্ৰসাৱৰ ৰঙো হালধীয়া হয়। জণ্ডিছ বিভিন্ন ৰোগৰ বাবে হ'ব পাৰে। সাধাৰণতে যকৃত (liver), পিত্তথলী (gall bladder) বা অগ্ন্যাশয় (Pancreas)-ৰ অসুখ হলে জণ্ডিচে দেখা দিয়ে। কেতিয়াবা ৰক্তজনিত ৰোগৰ বাবেও জণ্ডিচ হ'ব পাৰে।
![]() | ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয় (বিশদ নিৰ্দেশনা চাওক)। সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
![]() Jaundice of the skin caused by "hepatic failure". | |
ICD-10 | R17 |
---|---|
ICD-9 | 782.4 |
DiseasesDB | 7038 |
MedlinePlus | 003243 |
MeSH | D007565 |
জণ্ডিচৰ উৎপত্তিৰ কাৰণ হ'ল তেজৰ প্লাজমা অংশত 'বিলিৰুবিন' (bilirubin)-ৰ মাত্ৰা বাঢ়ি যোৱা। মানৱ শৰীৰত তেজৰ প্লাজমা অংশত বিলিৰুবিনৰ সাধাৰণ মাপ ০.২-০.৮ mg/dl । জণ্ডিচ হ'বলৈ এই মাত্ৰা ২ mg/dl তকৈ বেছি হ'ব লাগে। van den Bergh বিক্ৰিয়াৰ সহায়েৰে ইয়াৰ মাপ উলিওৱা হয়। লোহিত ৰক্ত কণিকা মৃত্যু হোৱাৰ পাছত ইয়াত থকা হিম'গ্ল'বিন ভাঙি তাৰেপৰা বিলিৰুবিন সৃষ্টি হয়।[2]
জণ্ডিচ শব্দটোৰ উৎপত্তি হৈছে ফৰাচী "জৌনে" (Jaune) শব্দৰ পৰা - যাৰ অৰ্থ হ'ল হালধীয়া।[3] অসমীয়া ভাষাত ইয়াক পাণ্ডু ৰোগ, কুহুম সাৰ নাইবা জণ্ডিচ বুলি জনা যায়।[4]
চকু আৰু মিউকাছ কোষাবৰণত হালধীয়া ৰঙ নোহোৱাকৈ অকল ছালত (হাত আৰু ভৰিৰ তলুৱাত সহজে দৃশ্যমান হয়) হালধীয়া ৰঙ দিখা দিলে সেইটো জণ্ডিছ নহয়, তাক কেৰ'টি'নিমিয়া (Carotenemia) বোলে। কেৰ'টিনিমিয়া এবিধ অক্ষতিকৰ অৱস্থা, কোনো ৰোগ নহয়। সাধাৰণতে শিশুসকলৰ লগত ইয়াক পোৱা যায়।[5]