![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/4/42/Zongzi.jpg/640px-Zongzi.jpg&w=640&q=50)
জংজি
From Wikipedia, the free encyclopedia
জংজি (tsung-tsee; চীনা: 粽子) হৈছে আঠাযুক্ত বৰা চাউলৰ পৰা তৈয়াৰ কৰা এবিধ পৰম্পৰাগত খাদ্য। এই খাদ্যৰ ভিতৰত বিভিন্ন মছলাৰ দৰে খাদ্য বস্তু ভৰাই বাঁহৰ পাত বা নল গছৰ পাত নাইবা অন্যান্য বহল পাতেৰে মেৰিয়াই দিয়া হয়। এই খাদ্য ভাপত বা উতলাই ৰান্ধি প্ৰস্তুত কৰা হয়।[1] পূবৰ বিশ্বৰ পূৱ প্ৰান্তৰ লোকসকলে এই খাদ্যক প্ৰায়ে ইংৰাজীত “ৰাইচ ডাম্পলিংছ” (rice dumplings) বা “ষ্টিকি ৰাইচ ডাম্পলিংছ” (sticky rice dumplings) বুলি অনুবাদ কৰে যদিও চীন চৰকাৰে বিশ্বব্যাপী ব্যৱহাৰত “জংজি” নামটো আনুষ্ঠানিক নাম হিচাপে পঞ্জীয়ন কৰিছে।[2]
ক্ষিপ্ৰ তথ্য প্ৰকাৰ, উৎপত্তিৰ স্থান ...
![]() জংজি খাবলৈ প্ৰস্তুত হৈ থকা (বাঁও) আৰু বাঁহৰ পাতেৰে মেৰিয়াই থোৱা (সোঁ) | |
প্ৰকাৰ | চাউলৰ পিঠা |
---|---|
উৎপত্তিৰ স্থান | চীন |
অঞ্চল | চীন ভাষিক অঞ্চল পূৱ এছিয়া |
মুখ্য উপাদান | বিভিন্ন মছলা ভিতৰত ভৰাই প্ৰস্তুত কৰা বৰা চাউলৰ খাদ্য আৰু বাহিৰৰ পৰা বাঁহ, কল আদি বা অন্য পাতেৰে মেৰিয়াই দিয়া হয় |
ভিন্ন প্ৰকাৰ | পদুম পাতেৰে মেৰিওৱা |
বন্ধ কৰক