ছূৰা
কোৰআনৰ অধ্যায়সমূহ / From Wikipedia, the free encyclopedia
ছূৰা (আৰবী: سورة) হৈছে ইছলামী পৰিভাষাত মুছলিম সকলৰ ধৰ্মগ্ৰন্থ কোৰআনৰ একোটা অধ্যায়ৰ নাম। কিন্তু এইটো সাধাৰণ কিতাপৰ অধ্যায়ৰ নিচিনা নহয় বৰঞ্চ বিশেষভাৱে কেৱল কোৰআনৰ বৈশিষ্টৰ বাবেই ইয়াৰ উৎপত্তি। সেয়েহেই এইটো প্ৰকৃত অৰ্থত এটা কোৰআনিক পৰিভাষা; যাক কেৱল কোৰআনৰ দৃষ্টিকোণৰ পৰাই ব্যাখ্যা কৰিব পৰা যায়। কোৰআনৰ প্ৰথম ছূৰা হ'ল- 'আল ফাতিহা' আৰু শেষ ছূৰাৰ নাম হ'ল- 'আন-নাছ'। দীৰ্ঘতম ছূৰা হ'ল- 'আল-বাক্বাৰা'। 'ছূৰা আত-তৌবাহ'ৰ বাহিৰে সকলো ছূৰাৰ আৰম্ভণিতে আছে বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম। এটা ছূৰা বা ইয়াত অংশবিশেষ অৱতীৰ্ণ হোৱাৰ প্ৰেক্ষাপট বা ইতিহাসক কোৱা হয়- শ্বানে নুযূল।