![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/d/dd/Apus_apus_01.jpg/640px-Apus_apus_01.jpg&w=640&q=50)
ছুইফট
From Wikipedia, the free encyclopedia
ছুইফট (Swift) এবিধ দ্ৰুতবেগী চৰাই। ইহঁতি সাধাৰণতে জাক পাতি উৰি ফুৰে। উৰি উৰিয়েই ইহঁতে আহাৰ গ্ৰহণ কৰে আৰু ইটোৱে সিটোৰ লগ লাগে। ইউৰোপত পোৱা এবিধ ছুইফট চৰায়ে যেতিয়ালৈকে কণী পাৰিব নহয় তেতিয়ালৈকে উৰিয়ে ফুৰে। এইবিধ চৰাইৰ বাহ সজা আৰু কণী পৰাৰ নিৰ্দিষ্ট কোনো সময় নাই। বছৰৰ যিকোনো সময়তে ইহঁতে বাহ সাজে আৰু কণী পাৰে। এবাৰত ইহঁতে এটাৰ পৰা ছটালৈকে কণী পাৰি পোৱালি জগায়। বৰ্তমানলৈকে ছুইফটৰ প্ৰায় ৭২টা প্ৰজাতি পোৱা গৈছে।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |