![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/3/3a/Shiraz_Minwalla_at_Harvard.jpg/640px-Shiraz_Minwalla_at_Harvard.jpg&w=640&q=50)
ছিৰাজ মিনৱালা
From Wikipedia, the free encyclopedia
ছিৰাজ মিনৱালা (মাৰাঠী: शिराझ मिन्वाल्ला) এগৰাকী ভাৰতীয় তাত্বিক পদাৰ্থবিজ্ঞানী। তেওঁ ৰজ্জু তত্ত্ব সম্পৰ্কীয় মৌলিক গৱেষণাৰ বাবে প্ৰখ্যাত। [1] তেওঁ বৰ্তমান মুম্বাইৰ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ তাত্বিক পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক। [2] ইয়াৰ আগেয়ে তেওঁ হাৱাৰ্ড বিশ্ববিদ্যালয়ত হাৱাৰ্ড চছাইটি ফেল' আৰু তাৰ পৰৱৰ্তী সময়ত সেই বিশ্ববিদ্যালয়ৰে সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত আছিল।[3][4]
ছিৰাজ নৱল মিনৱালা | |
---|---|
![]() হাৱাৰ্ড বিশ্ববিদ্যালয়ত ছিৰাজ মিনৱালা | |
জন্ম | ১৯৭৩ মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
বাসস্থান | ভাৰত |
নাগৰিকত্ব | ভাৰতীয় |
ক্ষেত্ৰ | ৰজ্জু তত্ত্ব (ইংৰাজী:String Theory), তাত্বিক পদাৰ্থবিজ্ঞান |
কৰ্মস্থান | টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান, হাৱাৰ্ড বিশ্ববিদ্যালয় |
শিক্ষানুষ্ঠান | ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, কানপুৰ (স্নাতকোত্তৰ), প্ৰিন্সটন বিশ্ববিদ্যালয় (ডক্টৰেট) |
ডক্তৰেল পৰামৰ্শদাতা | Nathan Seiberg |
উল্লেখনীয় বঁটা | শান্তিস্বৰূপ ভাটনাগৰ বঁটা, আই চি টি পি বঁটা, New Horizons in Physics Prize, ইনফ'চিচ পুৰস্কাৰ |
ছিৰাজ মিনৱালাৰ জন্ম হৈছিল ১৯৭৩ চনত মহাৰাষ্ট্ৰৰ মুম্বাই মহানগৰত এটা জড়োপাসক(ইংৰাজী: Zoroastrian) পৰিয়ালত। মিনৱালাই ১৯৯৫ চনত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, কানপুৰৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু তেওঁ শ্ৰেণীৰ শীৰ্ষ ছাত্ৰ হিচাপে ৰাষ্ট্ৰপতিৰ সোণৰ পদক লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা Nathan Seiberg-ৰ অধীনত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। তেওঁ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ(ইংৰাজী:Department of Science & Technology)ৰ পৰা ২০০৫-০৬ চনত স্বৰ্ণজয়ন্তী বৃত্তি(ইংৰাজী:Swarnajayanti Fellowship) লাভ কৰিছিল।
২০১০ চনত তেওঁ আই চি টি পি পুৰস্কাৰ(ইংৰাজী:ICTP Prize) লাভ কৰাৰ লগতে ২০১১ চনত ভাৰতৰ সৰ্বোচ্চ বিজ্ঞান সন্মান শান্তি স্বৰূপ ভাটনাগৰ বঁটা পদাৰ্থ বিজ্ঞান বিভাগত লাভ কৰিছিল। [5] ২০১৩ চনত ইনফ'চিচ চায়েন্স ফাউণ্ডেচনৰ দ্বাৰা প্ৰদান কৰা ইনফ'চিচ পুৰস্কাৰ পদাৰ্থবিজ্ঞান শাখাত ছিৰাজ মিনৱালাই লাভ কৰে। [6][7]
মিনৱালাক ২০১৪ চনৰ Fundamental Physics Prize-ৰ দ্বাৰা New Horizons in Physics Prize প্ৰদান কৰা হৈছে। এই পুৰস্কাৰৰ প্ৰদানৰ প্ৰশস্তিত এইদৰে কোৱা হৈছে “his pioneering contributions to the study of string theory and quantum field theory; and in particular his work on the connection between the equations of fluid dynamics and Albert Einstein’s equations of general relativity.”[8][9][7]