ছাকিৰা
From Wikipedia, the free encyclopedia
ছাকিৰা ইছাবেল মেবাৰাক ৰিপ'ল (ইংৰাজী: Shakira Isabel Mebarak Ripoll, জন্ম ২ ফেব্ৰুৱাৰী ১৯৭৭)এগৰাকী কলম্বিয়ান গায়িকা।[1][2] বাৰাংকুইলাত জন্মগ্ৰহণ কৰা আৰু ডাঙৰ-দীঘল হোৱা ছাকিৰাক "লেটিন সংগীতৰ ৰাণী" বুলি কোৱা হয়।[3][4]সংগীতৰ বহুমুখিতাৰ বাবে ছাকিৰা বিখ্যাত।[5][6][7] ১৩ বছৰ বয়সত চনী মিউজিক কলম্বিয়াৰ সৈতে ছাকিৰাই ৰেকৰ্ডিঙত আত্মপ্ৰকাশ কৰে। [8]
ছাকিৰা Shakira | |
---|---|
২০২১ চনত ভগ আলোচনীৰ বাবে ছাকিৰা | |
জন্ম | ছাকিৰা ইছাবেল মেবাৰক ৰিপল ২ ফেব্ৰুৱাৰী, ১৯৭৭ (৪৭ বছৰ) বাৰাংকুইলা, কলম্বিয়া |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ১৯৯০–বৰ্তমান |
সংস্থা | বেয়াৰফুট সংস্থা |
অংশীদাৰ |
|
সন্তান | ২ |
ৱেবছাইট | |
আধিকাৰিক ৱেবছাইট |
১৪৫টা গীত কেটালগ থকা ছাকিৰাই ৮ কোটিতকৈ অধিক ৰেকৰ্ড বিক্ৰী কৰিছে, যাৰ ফলত তেওঁ সৰ্বকালৰ সৰ্বাধিক বিক্ৰী হোৱা সংগীত শিল্পীসকলৰ ভিতৰত অন্যতম হিচাপে অভিহিত হৈছে।[9] ফৰ্বছ কলম্বিয়াই প্ৰকাশ কৰা অনুসৰি ২০১৮ চনলৈকে তেওঁ সৰ্বকালৰ সৰ্বাধিক বিক্ৰী হোৱা মহিলা লেটিন শিল্পী।[10] অন্যান্য লেটিন শিল্পীসকলৰ বাবেও আন্তঃৰাষ্ট্ৰীয় বজাৰৰ দুৱাৰ মুকলি কৰাৰ কৃতিত্ব তেওঁক দিয়া হয়।[11][12][13][14] তিনিটা গ্ৰেমী বঁটা, বাৰটা লেটিন গ্ৰেমী বঁটা, চাৰিটা এমটিভি ভিডিঅ’ মিউজিক এৱাৰ্ড, সাতটা বিলবোৰ্ড মিউজিক এৱাৰ্ড, উত্ৰিশটা বিলবোৰ্ড লেটিন মিউজিক এৱাৰ্ড, ছটা গিনিজ ৱৰ্ল্ড ৰেকৰ্ড আৰু "হলিউড ৱাক অৱ ফেমত এজন তাৰকা"কে ধৰি বহুতো বঁটা ছাকিৰাই লাভ কৰিছে। ছাকিৰাক বিলবোৰ্ডে দুবাৰকৈ (২০০০ আৰু ২০১০) দশকৰ শীৰ্ষ মহিলা লেটিন শিল্পী হিচাপে নিৰ্বাচিত কৰে।[15][16] নিজৰ বেয়াৰফুট সংস্থাৰ সৈতে কৰা দানশীল কাম আৰু সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে ছাকিৰাক ২০১১ চনত লেটিন ৰেকৰ্ডিং একাডেমীৰ "বছৰৰ ব্যক্তি" আৰু হাৰ্ভাৰ্ড ফাউণ্ডেশ্যনৰ বছৰৰ শিল্পী বঁটা দিয়া হয়। ২০১১ চনত আৰু ২০১২ চনত ফ্ৰান্স চৰকাৰে ছাকিৰাক অৰ্ডাৰ অৱ আৰ্টছ এণ্ড লেটাৰ্ছৰ চেভেলিয়াৰ প্ৰদান কৰে।