ছমপট
From Wikipedia, the free encyclopedia
ছমপট (ইংৰাজী: sampot; খমেৰ: សំពត់ /sɑmpʊət/ খমেৰ উচ্চাৰণ: [sɑmpɔt])[1], হৈছে দেহৰ তলৰ অংশত চাৰিওফালে মেৰিয়াই পিন্ধা এবিধ দীঘল, আয়তাকাৰ বস্ত্ৰ। ই কম্বোডিয়াৰ এবিধ পৰম্পৰাগত পোছাক।[2] ইয়াক বিভিন্ন ধৰণে ভাঁজ কৰি পিন্ধিব পাৰি। দক্ষিণ এছিয়াৰ পৰম্পৰাগত সাজ-পোছাক ধুতিৰ সৈতে ছমপটৰ মিল আছে। কম্বোডিয়াৰ চুবুৰীয়া দেশ লাওছ আৰু থাইলেণ্ডতো ছমপট পৰিধান কৰা হয় আৰু ইয়াত ইয়াক ফা নুং (থাই: ผ้านุ่ง [pʰâː nûŋ]) বুলি জনা যায়।[3]