ছংকক
From Wikipedia, the free encyclopedia
ছংকক, পেচি বা কপিয়া হৈছে ব্ৰুণেই, ইণ্ডোনেছিয়া, মালয়েছিয়া, ছিংগাপুৰ, দক্ষিণ ফিলিপাইনছ আৰু দক্ষিণ থাইলেণ্ডৰ লোকে পিন্ধিবলৈ ব্যাপকভাৱে ব্যৱহাৰ কৰা এটা পৰম্পৰাগত টুপী। মুছলমান পুৰুষ সকলে এই টুপী বেছিকৈ পিন্ধা দেখা যায়। ইয়াৰ আকৃতি বিন্ধা কৰা শঙ্কুৰ দৰে, সাধাৰণতে ক’লা বা এম্ব্ৰয়ডাৰী কৰা ফেল্ট, কপাহ বা ৰেচমৰ পৰা তৈয়াৰ কৰা হয়। ইয়াৰ উপৰিও পুৰুষ সকলে বিশেষ অনুষ্ঠান যেনে বিয়া আৰু অন্ত্যেষ্টিক্ৰিয়া বা উৎসৱমুখৰ অনুষ্ঠান যেনে ঈদ-উল-ফিটৰ আৰু ঈদ-উল-জুহা বন্ধৰ দিনতো এই টুপী পিন্ধে। ইণ্ডোনেছিয়াত পেচি জাতীয়তাবাদী আন্দোলনৰ সৈতেও জড়িত।[1]
ক্ষিপ্ৰ তথ্য প্ৰকাৰ, উৎপত্তিৰ স্থান ...
ইণ্ডোনেছিয়াৰ নেতা সুকাৰ্ণো আৰু মালয়েছিয়াৰ নেতা টুংকু আব্দুল ৰহমানে পেচি/ছংকক পিন্ধা দেখা গৈছে | |
প্ৰকাৰ | পৰম্পৰাগত টুপি |
---|---|
উৎপত্তিৰ স্থান | ব্ৰুণেই, ইণ্ডোনেছিয়া, মালয়েছিয়া, চিংগাপুৰ, ফিলিপাইনছ। |
বন্ধ কৰক