![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/75/Migrationroutes.svg/langas-640px-Migrationroutes.svg.png&w=640&q=50)
চৰাইৰ প্ৰব্ৰজন
From Wikipedia, the free encyclopedia
চৰাইৰ প্ৰব্ৰজন (ইংৰাজী: Bird migration) বুলিলে চৰায়ে প্ৰজনন স্থলী আৰু শীতকালীন স্থানৰ মাজত কৰা নিয়মীয়া তথা বাৰ্ষিক ঋতুভিত্তিক যাত্ৰাক বুজায়।[1] প্ৰব্ৰজনন বাবে এনে চৰাইবোৰে সাধাৰণতে উত্তৰ আৰু দক্ষিণ উৰণীয়া পথেৰে যাত্ৰা কৰে আৰু প্ৰায়ে বহু দূৰৈৰ স্থানলৈ উৰি যায়। জীৱ-জন্তুৰ এনে প্ৰব্ৰজন সাধাৰণতে বহু বিপদসঙ্কুল।[1]
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/a/a3/BrantaLeucopsisMigration.jpg/640px-BrantaLeucopsisMigration.jpg)
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/7/75/Migrationroutes.svg/640px-Migrationroutes.svg.png)
আৰ্কটিক টাৰ্ন (Sterna paradisaea) নামৰ চৰাইবিধে দীৰ্ঘ দূৰত্ব ভ্ৰমণৰ অভিলেখ গঢ়ি সিহঁতৰ প্ৰজনন স্থান সুমেৰুৰ পৰা প্ৰতিবছৰে কুমেৰু অঞ্চললৈ যাত্ৰা কৰে।[1] এলবাট্ৰছৰ (albatrosses) দৰে টিউবেন’জৰ (tubenoses) কিছুমান প্ৰজাতিৰ চৰায়ে দক্ষিণ মহাসাগৰৰ ওপৰেৰে উৰি পৃথিৱীৰ চাৰিওফালে ভ্ৰমণ কৰে, আনহাতে মানক্স শ্বিয়াৰৱাটাৰৰ (Manx shearwaters) দৰে আন কিছুমান চৰায়ে সিঁহতৰ উত্তৰৰ প্ৰজনন ক্ষেত্ৰ আৰু দক্ষিণ মহাসাগৰৰ মাজত ১৪,০০০ কিলোমিটাৰ (৮,৭০০ মাইল) দূৰত্ব প্ৰব্ৰজন কৰে। দীৰ্ঘ দূৰত্বৰ প্ৰব্ৰজনতকৈ চমু দূৰত্বৰ প্ৰব্ৰজন সাধাৰণতে সংঘটিত হয়। চমু দূৰত্বৰ প্ৰব্ৰজনৰ ভিতৰত এণ্ডিজ আৰু হিমালয়ৰ দৰে পৰ্বতৰ দৰে উচ্চতম প্ৰব্ৰজন অন্তৰ্ভুক্ত।
প্ৰব্ৰজনৰ সময় মূলতঃ দিনৰ দৈৰ্ঘ্যৰ পৰিৱৰ্তনৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱা যেন লাগে। পৰিভ্ৰমী চৰাইবোৰে সূৰ্য্য আৰু তৰাসমূহৰ পৰা আকাশী ইংগিত, পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ আৰু মানসিক মানচিত্ৰ ব্যৱহাৰ কৰি যাত্ৰা কৰে।[1]