চেন্নাই গাণিতীয় প্ৰতিষ্ঠান
From Wikipedia, the free encyclopedia
চেন্নাই গাণিতীয় প্ৰতিষ্ঠান (ইংৰাজী: Chennai Mathematical Institute) হৈছে ভাৰতবৰ্ষৰ চেন্নাইত অৱস্থিত এটা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা হৈছিল ১৯৮৯ চনত, SPIC বিজ্ঞান ফাউণ্ডেচনৰ দ্বাৰা। অংকশাস্ত্ৰৰ উচ্চ পৰ্যায়ৰ গৱেষণাৰ উপৰি ইয়াত পদাৰ্থ বিজ্ঞান, গণিত বিজ্ঞান আৰু সাংগণনিক বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ব্যৱস্থা আছে।[1] এই প্ৰতিষ্ঠানটো মুখ্যতঃ বীজগণিতীয় জ্যামিতিৰ ওপৰত কৰা গৱেষণাৰ বাবে বিখ্যাত।[2]
ক্ষিপ্ৰ তথ্য চেন্নাই গাণিতীয় প্ৰতিষ্ঠান, স্থাপিত ...
চেন্নাই গাণিতীয় প্ৰতিষ্ঠান | |
---|---|
স্থাপিত | ১৯৮৯ |
ধৰণ | শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান |
ডীন | মাধৱন মুকুন্দ |
সঞ্চালক | ৰজীৱা কৰণদিকাৰ |
Director Emeritus | চি এচ চেঁচাদ্ৰী |
স্থান | চেন্নাই, তামিলনাডু, ভাৰত |
চৌহদ | Suburban, 5.4 acre |
Acronym | CMI |
ৱেবছাইট | www.cmi.ac.in |
বন্ধ কৰক
পোনপ্ৰথমে এই প্ৰতিষ্ঠানটো চেন্নাইৰ টি নগৰত আছিল যদিও পাছত চিৰুচেৰীৰ কেম্পাছলৈ ২০০৫ চনৰ অক্টোবৰত সলনি হয়।[3]
২০০৬ চনৰ ডিচেম্বৰ মাহত UGC Act 1956 ৰ Section 3 ৰ অধীনত প্ৰতিষ্ঠানটোৱে ডীমড বিশ্ববিদ্যালয়ৰ পৰ্যায় লাভ কৰে।[4]