চেঙেলীয়াকৰণ
From Wikipedia, the free encyclopedia
the topic of soil formationৰ বাবে, Pedogenesis চাওক।
চেঙেলীয়াকৰণ বা নিয়টেনি (ইংৰাজী: neoteny)[1][2][3] হৈছে জীৱৰ (সাধাৰণতে প্ৰাণীৰ) শৰীৰতাত্ত্বিক (বা চ’মেটিক) বিকাশ দেৰি বা লেহেমীয়া কৰা। আধুনিক মানুহত চেঙেলীয়াকৰণ পোৱা যায়।[4] প্ৰজেনেছিছত যৌনবিকাশ ত্বৰিত।[5]
চেঙেলীয়াকৰণ আৰু প্ৰজেনেছিছ দুয়োটাৰে ফলত পেড’মৰ্ফিজম হয় যি এক ধৰণৰ হেটেৰ’ক্ৰনি।[6] কিছুমান লেখকে পেড’মৰ্ফিজমক পেলীয়া গুণ বজাই ৰখা বোলে, যিটো মাগুৰীয়া ভেকুলীত দেখা যায়।[7][8][9]
চেঙেলীয়াকৰণ আৰু প্ৰজেনেছিছ দুয়োটাই আগতে অকল সৰু বয়সীয়া জীৱত দেখা গুণবিলাক ডাঙৰ বয়সীয়া জীৱত বজাই ৰাখে। এনেকুৱা বজাই ৰাখন বিৱৰ্তনগত জীৱবিজ্ঞান, ঘৰচীয়াকৰণ আৰু বিৱৰ্তনগত বিকাশৰ জীৱবিজ্ঞানত জৰুৰী।