চুলি
From Wikipedia, the free encyclopedia
চুলি (ইংৰাজী: Hair) হৈছে ছালৰ নোমকূপৰ পৰা গজি উঠা এক প্ৰটিনযুক্ত আঁহ(প্ৰ’টিন ফিলামেণ্ট)। স্তন্যপায়ী জীৱৰ অন্যতম সংজ্ঞায়িত বৈশিষ্ট্য হৈছে চুলি। মানৱ শৰীৰৰ কিছুমান মিহি ছালৰ বাহিৰেও, ফোলিকলেৰে আবৃত ছাল থাকে, যি ফোঁপোলা আৰু মিহি চুলিৰে আবৃত থাকে। চুলি এক গুৰুত্বপূৰ্ণ জৈৱপদাৰ্থ, যি মূলতঃ প্ৰটিনেৰে গঠিত। চুলিৰ প্ৰতি অধিকাংশ আগ্ৰহ চুলিৰ বৃদ্ধি, চুলিৰ প্ৰকাৰ, আৰু চুলিৰ যত্নৰ ওপৰত কেন্দ্ৰিত। মানুহৰ শৰীৰৰ মূৰত গজা এই প্ৰটিন ফিলামেণ্টবোৰ চুলি বুলি জনা যায়, কিন্তু শৰীৰৰ বাকী অংশৰ আৰু জন্তুৰ শৰীৰৰ চুলিক নোম বুলি জনা যায়। চুলিৰে সৈতে যুগ যুগৰে পৰা নানা সংস্কৃতি জড়িত হৈ আছে, বিশেষকৈ ইয়াৰ প্ৰতিপালন, চুলি আঁতৰোৱা, চুলি বন্ধন আদিৰ সৈতে ধৰ্মীয় আৰু সামাজিক বিশ্বাসো সাঙোৰ খাই আছে।[1]“চুলি’’ শব্দটোৱে সাধাৰণতে দুটা সুকীয়া গঠনক বুজায়: ১) ছালৰ তলৰ অংশ, যাক চুলিৰ গুৰি বোলা হয় ই ছালৰ ভিতৰলৈকে (ডাৰ্মিছ) সোমাই থাকে আৰু ই ষ্টেম চেলসমূহ ৰক্ষা কৰাৰ লগতে চুলি সৰি পৰাৰ পিছত চুলি পুনৰ গজোৱাৰ উপৰি নোমকূপৰ ঘাঁ নিৰাময় কৰি পিছত পুনৰ চুলি গজোৱাত সহায় কৰে। .[2] ২) চুলিৰ গুৰি, যি ছালৰ পৃষ্ঠৰ ওপৰলৈ ক্ৰমান্বয়ে বিস্তৃত, কঠিন ফিলামেণ্টেছ অংশ। চুলিৰ গুৰিৰ এটা ক্ৰছ ছেকচন মোটামুটিভাৱে তিনিটা জ’নত ভাগ কৰিব পাৰি।