চুঙা পিঠা
পৰম্পৰাগত অসমীয়া/ বাঙালী খাদ্য / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটোক চুঙা চাউল নামৰ প্ৰবন্ধৰ সৈতে খেলি-মেলি নকৰে যেন।
চুঙা পিঠা কেঁচা পিঠাগুড়ি আৰু গুড় মিহলাই কোমল বাঁহৰ চুঙাত পুৰি ভজা এবিধ পিঠা। দক্ষিণ এছিয়াৰ অসম আৰু বাংলাদেশৰ ছিলেট অঞ্চল এই পিঠাৰ উৎপত্তিস্থল। চুঙা পিঠা কৰিবলৈ জাতি বা মকাল বাঁহ এফালে গাঁঠি ৰাখি কটা হয়। পিঠাগুড়ি গুড় মিহলোৱা পানীৰে সানি বাঁহৰ চুঙাটোত ভৰাই মুখখনত কলপাত বা পৰিষ্কাৰ ধান খেৰেৰে মুখখন টানকৈ বন্ধ কৰি জুইত পোৰা হয়। সোপাটো ওলাই আহিলেই পিঠা সিজিছে বুলি জনা যায়। চুঙাত পিঠা তৈয়াৰ কৰা বাবে ই দেখাত চুঙাৰ দৰেই হয়, সেয়ে ইয়াক চুঙা পিঠা বোলা হয়।[2][3][4]
ক্ষিপ্ৰ তথ্য অন্য নাম, প্ৰকাৰ ...
চুঙা পিঠাৰ প্ৰস্তুতকৰণ | |
অন্য নাম | চুঙাপোৰা পিঠা, চুঙা ফিতা |
---|---|
প্ৰকাৰ | মিঠা |
প্ৰকাৰ | অসমীয়া জলপান |
উৎপত্তিৰ স্থান | ![]() ![]() |
অঞ্চল | দক্ষিণ এছিয়া |
পৰিবেশনৰ উষ্ণতা | চেঁচা |
মুখ্য উপাদান | বৰা চাউল, গুৰ আৰু বাঁহ[1] |
বন্ধ কৰক
চুঙা পিঠা অসমীয়া সমাজৰ মাঘ বিহুৰ জলপানৰ অবিচ্ছেদ্য অংগ।[5][6]