চীনা ড্ৰেগন
From Wikipedia, the free encyclopedia
চীনা ড্ৰেগন অৰ্থাৎ লুং, লং বা লাং চীনা আখ্যান, লোককথা আৰু চীনা সংস্কৃতিত উল্লিখিত এক কিংবদন্তিমূলক জীৱ। চীনা ড্ৰেগনৰ কচ্ছপ আৰু মৎস্যৰ দৰে বহুতো প্ৰাণীসদৃশ ৰূপ আছে যদিও সাধাৰণতে ইয়াক চাৰিটা ঠেঙৰ সৈতে সৰ্পৰ দৰে চিত্ৰায়িত কৰা হয়। শিক্ষাবিদসকলে চীনা ড্ৰেগনৰ উৎপত্তি সন্দৰ্ভত চাৰিটা নিৰ্ভৰযোগ্য তত্ত্ব চিনাক্ত কৰিছে। এইকেইটা হ'ল সৰ্প, চীনা কুম্ভীৰ, বজ্ৰপাত আৰু প্ৰকৃতি উপাসনা।[1] পৰম্পৰাগতভাৱে এই আটাইবোৰ একো একোটা প্ৰভাৱশালী আৰু শুভ শক্তিৰ প্ৰতীক। ইয়াৰ ভিতৰত জলভাগ, বৰষুণ, টাইফুন (ধুমুহা) আৰু বানপানীৰ ওপৰত নিয়ন্ত্ৰণ মুখ্য। পূব এছিয়াৰ সংস্কৃতিত ড্ৰেগন যোগ্য লোকসকলৰ বাবে ক্ষমতা, শক্তি আৰু সৌভাগ্যৰ প্ৰতীক। চীনা ৰাজতন্ত্ৰৰ সময়ত সম্ৰাটে সাধাৰণতে ড্ৰেগনক তেওঁৰ সাম্ৰাজ্যিক ক্ষমতা আৰু শক্তিৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছিল।[2] চীনা সংস্কৃতিত উৎকৃষ্ট লোকসকলক ড্ৰেগনৰ সৈতে তুলনা কৰা হয়। আনহাতে কোনো সফলতা নোপোৱা অক্ষম লোকসকলক অন্যান্য নিম্নস্থানীয় প্ৰাণী যেনে পোক আদিৰ সৈতে তুলনা কৰা হয়। চীনা ফকৰা-যোজনাত ড্ৰেগনৰ প্ৰসংগ পোৱা যায়। কোনো কোনো চীনা উপাধিতো ড্ৰেগনৰ নাম সংলগ্ন হৈ আছে।
চিং ৰাজবংশৰ ধ্বজাত অংকিত এজুৰ ড্ৰেগন | |
শ্ৰেণী | কিংবদন্তিমূলক জীৱ |
---|---|
উপশ্ৰেণী | ড্ৰেগন |
দেশ | চীন |