চাৰ্লি চেপলিন
অভিনেতা, চলচ্চিত্ৰ নিৰ্দেশক আৰু সংগীত পৰিচালক / From Wikipedia, the free encyclopedia
ছাৰ চাৰ্লছ স্পেনচাৰ `চাৰ্লি চেপলিন' (১৬ এপ্ৰিল ১৮৮৯-২৫ ডিচেম্বৰ ১৯৭৭ ) আছিল ঘাইকৈ অবাক চলচ্চিত্ৰ যুগৰ এজন ইংৰাজ হাস্য অভিনেতা, চলচ্চিত্ৰ নিৰ্দেশক আৰু সংগীত পৰিচালক[1]। প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত তেওঁৰ কৰ্মৰাজী সমগ্ৰ পৃথিৱীতে প্ৰখ্যাত হৈ পৰে। মাইম, শ্লেপষ্টিক আৰু অন্যান্য দৃশ্যগত হাস্য কৌশল(visual comedy)ৰ বাবে জনাজাত হৈ পৰা চেপলিনে সবাক ছবিৰ যুগতো কাম অব্যাহত ৰাখিছিল যদিও ১৯২০ চনৰ শেষৰ পৰা সেয়া সেৰেঙা হৈ আহে। তেওঁৰ সবাতোকৈ বিখ্যাত চৰিত্ৰটো আছিল দা ট্ৰাম্প (The Tramp) ছবিৰ চৰিত্ৰটো যিটো তেওঁ প্ৰথমে ১৯১৪ চনত কিষ্ট’ন ষ্টুডিঅ’ৰ (Keystone Studio) কিড অট’ ৰেচেচ এট ভেনিচ (Kid Auto Races at Venice) ছবিত কৰিছিল[2]। ১৯১৪ চনৰ এপ্ৰিলত মুক্তি পোৱা টুৱেণ্টি মিনিটচ অৱ লাভ (Twenty Minutes of Love) কথাছবিখনৰ পৰা তেওঁ নিজৰ সৰহভাগ ছবিৰে চিত্ৰনাট্য লিখি পৰিচালনা কৰা আৰম্ভ কৰে। ১৯১৬ চনৰ পৰা তেওঁ ছবিবোৰৰ প্ৰযোজনা কৰিবলৈও ধৰে আৰু ১৯১৮ চনৰ পৰা নিজে সংগীত পৰিচালনাও কৰা আৰম্ভ কৰে। মেৰী পিকফ’ৰ্ড, ডগলাছ ফেয়াৰবেংক্ছ আৰু ডি. গ্ৰিফিথৰ লগ লাগি তেওঁ ১৯১৯ চনত ইউনাইটেড আৰ্টিষ্টছ (United Artists) প্ৰতিষ্ঠা কৰে[3]।
চাৰ্লি চেপলিন | |
---|---|
দা ট্ৰাম্প ছবিত চেপলিন | |
জন্ম | ১৬ এপ্ৰিল ১৮৮৯ ৱালৱৰ্থ, লণ্ডন |
মৃত্যু | ২৫ ডিচেম্বৰ ১৯৭৭ ভিভি, চুইজাৰলেণ্ড |
পেচা | অভিনেতা, চলচ্চিত্ৰ নিৰ্দেশক আৰু সংগীত পৰিচালক |
ৰাষ্ট্ৰীয়তা | ব্ৰিটিছ |
চাৰ্লি চেপলিন অবাক চলচ্চিত্ৰ যুগৰ এজন লেখত ল’বলগীয়া সৃষ্টিশীল আৰু প্ৰভাৱশালী ব্যক্তি আছিল। তেওঁৰ পূৰ্বসৰী ফ্ৰান্সৰ হাস্য অভিনেতা মেক্স লিণ্ডাৰ (Max Linder) তেওঁক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল যাক তেওঁ নিজৰ এখন ছবিও উছৰ্গা কৰিছিল[4]। ইংলেণ্ডৰ ভিক্ট’ৰিয়া যুগৰ মঞ্চ আৰু সংগীত ঘৰত শিশু গায়ক,অভিনেতা হিছাপে প্ৰদৰ্শন কৰাৰে পৰা মনোৰঞ্জনৰ জগতত তেওঁ মৃত্যু পৰ্য্যন্ত প্ৰায় ৭৫ বছৰ কাল কটাইছিল। তেওঁৰ সামাজিক আৰু ব্যক্তিগত জীৱনো বিতৰ্কৰ উৰ্দ্ধত নাছিল। বাওঁপন্থী মনোভাৱৰ বাবে মেককাৰ্থী যুগ(McCarthy era)ত ১৯৫০ চনৰ প্ৰথম ভাগৰে পৰা তেওঁ পুনৰ ইউৰোপত বসবাস কৰিবলৈ লয়।
১৯৯৯ চনত আমেৰিকা চলচ্চিত্ৰ প্ৰতিষ্ঠানএ( American Film Institute) চাৰ্লি চেপলিনক সৰ্বকালৰ দশম শ্ৰেষ্ঠ চলচ্চিত্ৰ অভিনেতা হিছাপে অভিহিত কৰে[5]। ২০০৮ চনত মাৰ্টিন চেফে Chaplin: A Life গ্ৰন্থৰ সমালোচনা কৰিবলৈ গৈ লিখে যে-"চেপলিন কেৱল ‘ডাঙৰেই’ নাছিল, তেওঁ ‘বৃহৎ’ আছিল। ১৯১৫ চনত যুদ্ধবিধ্বস্ত পৃথিৱীত প্ৰৱেশ কৰি তেওঁ আমাক হাস্যৰস, হাঁহি আৰু স্বস্তিৰ উশাহ ল’বলৈ দিছিল। ইয়াৰ পিছৰ ২৫ বছৰ নিৰাশাৰ সময়্ত আৰু আল্ডফ হিটলাৰৰ অভ্যুথানৰ সময়তো তেওঁ নিজৰ কাম কৰি গৈছিল। আন কোনো ব্যক্তিয়ে যে সাধাৰণ ৰাইজক তেওঁলোকৰ সকলোতকৈ প্ৰয়োজনীয় সময়ত ইমান মনোৰঞ্জন, সুখ আৰু স্বস্তি দিছে তাত সন্দেহ আছে। ""[6] জৰ্জ বাৰ্নাড শ্ব’ই চেপলিনক "চলচ্চিত্ৰ উদ্যোগৰ একমাত্ৰ জিনিয়াছ" আখ্যা দিছিল[7]।