চাইকেল
পেডেল-নিয়ন্ত্ৰিত বাহন / From Wikipedia, the free encyclopedia
চাইকেল (cycle) অথবা বাইচাইকেল (bicycle) অথবা বাইক (bike) হৈছে মানুহৰ দ্বাৰা চালিত নাইবা মটৰচালিত, পেডেল-নিয়ন্ত্ৰিত বাহন। ইয়াৰ ফ্ৰেমৰ লগত দুটা চকা অগা-পিছাকৈ সংযুক্ত হৈ আছে। চাইকেল শব্দটো হৈছে বাই-চাইকেল শব্দৰ চুটি ৰূপ। দুটা মাত্ৰ চকা—এটা আগত,এটা পিছত,চলোৱা হয় ভৰিৰে পেডেল মাৰি – গতিকে বাই-চাইকেল। এই ‘বাই-চাইকেল’ শব্দটো প্ৰথম ব্যৱহাৰ হৈছিল ১৮৬৮ চনৰ ডা ডেইলী নিউজ নামৰ কাকতত। এই শব্দটোৰ প্ৰথম ফৰাচী ভাষাৰ ৰূপ বাইচাইক্লেট অৱশ্যে ইয়াৰ আগতেই ১৮৪৭ চনত ব্যৱহাৰ হৈছিল।
যান্ত্ৰিক বাহনৰ বাটকটীয়া বাই-চাইকেলখন হৈছে সৰ্বত্ৰ ব্যৱহৃত বাহন। দুচকীয়া এই বাহনখন সৰ্বসাধাৰণৰ মাজত চাইকেল নামেৰেই পৰিচিত। চাইকেল চলোৱা মানুহজনক চাইকেল-চালক, চাইক্লিষ্ট অথবা বাইচাইক্লিষ্ট বুলি কোৱা হয়।
১৯ শতিকাত ইউৰোপৰ ফালে পোনপ্ৰথমবাৰৰ বাবে চাইকেল দেখিবলৈ পোৱা গৈছিল; আৰু ২১ শতিকাৰ প্ৰাৰম্ভত ১০০ কোটিতকৈও অধিক চাইকেল দৃশ্যমান হ'ল।[1][2][3] পৃথিৱীৰ বহু ঠাইতেই চাইকেল হৈছে যাতায়াতৰ অন্যতম মাধ্যম। চাইকেলক আমোদ-প্ৰমোদ, অথবা শিশুৰ খেলনা-সামগ্ৰী, শাৰীৰিক ব্যায়াম, সামৰিক সেৱাত, কুৰিয়াৰ সেৱা, চাইকেল-চালনা প্ৰতিযোগিতা আৰু চাইকেলৰ দুঃসাহসিক ক্ৰীড়াতো ব্যৱহাৰ কৰা হয়।[4]