চলচ্চিত্ৰ সমালোচনা
চলচ্চিত্ৰৰ বিশ্লেষণ আৰু মূল্যায়ন / From Wikipedia, the free encyclopedia
চলচ্চিত্ৰ সমালোচনা (ইংৰাজী: Film Criticism) হৈছে চলচ্চিত্ৰ আৰু চলচ্চিত্ৰ মাধ্যমৰ বিশ্লেষণ আৰু মূল্যায়ন। সাধাৰণতে চলচ্চিত্ৰ সমালোচনাক দুটা ভাগত ভাগ কৰিব পাৰি: সাংবাদিকতামূলক সমালোচনা (Journalistic Film Criticism)- যি বাতৰি কাকত, আলোচনী আৰু অন্যান্য জনপ্ৰিয় গণমাধ্যমসমূহত নিয়মিতভাৱে প্ৰকাশ পায়। আনবিধ হৈছে চলচ্চিত্ৰ তত্ত্বৰ দ্বাৰা অৱগত আৰু একাডেমিক আলোচনীত প্ৰকাশ পোৱা চলচ্চিত্ৰ পণ্ডিতসকলৰ দ্বাৰা শৈক্ষিক সমালোচনা, যাক ক'ব পাৰি শৈক্ষিক/বিদ্যায়তনিক চলচ্চিত্ৰ সমালোচনা (Academic Film Criticism) । একাডেমিক চলচ্চিত্ৰ সমালোচনাই পৰ্যালোচনাৰ ৰূপ ধাৰণ কৰাটো খুব কমেইহে দেখা যায়। ইয়াৰ পৰিৱৰ্তে ই ছবিখন আৰু ইয়াৰ ধাৰাটোৰ ইতিহাসৰ ভিতৰত, বা সমগ্ৰ চলচ্চিত্ৰ ইতিহাসৰ ভিতৰত ইয়াৰ স্থান বিশ্লেষণ কৰাৰ সম্ভাৱনা বেছি। [1]