চন্দ্ৰ গ্ৰহণ
From Wikipedia, the free encyclopedia
চন্দ্ৰ গ্ৰহণ হৈছে এক মহাজাগতিক পৰিঘটনা। যেতিয়া পৃথিৱীৰ ছাঁ সম্পূৰ্ণৰূপে চন্দ্ৰৰ ওপৰত পৰে,[1]তেতিয়াই চন্দ্ৰগ্ৰহণ হোৱা বুলি কোৱা হয়। এই পৰিঘটনা তেতিয়াই সম্ভৱ হয় যেতিয়া সূৰ্য, পৃথিৱী আৰু চন্দ্ৰ সম্পূৰ্ণৰূপে বা নিকটতম স্থানত একে ৰৈখিক হয়, কেৱল পূৰ্ণিমা তিথিতহে চন্দ্ৰগ্ৰহণ হয়।
চন্দ্ৰগ্ৰহণৰ প্ৰকাৰ আৰু দৈৰ্ঘ্য চন্দ্ৰৰ কক্ষপথৰ সৈতে পৃথিৱীৰ কক্ষই কটাকটি কৰা একোটা মূৰৰ পৰা ইয়াৰ দূৰত্বৰ ওপৰত নিৰ্ভৰশীল।
পূৰ্ণগ্ৰাস চন্দ্ৰ গ্ৰহণৰ সময়ত কেতিয়াবা চন্দ্ৰটো ৰঙা দেখা যায়। ইয়াক তেজৰঙা চন্দ্ৰ, ৰঙা জোন, ৰক্তিম চন্দ্ৰ বুলি কোৱা হয়। এই সময়ত পৃথিৱীয়ে সম্পূৰ্ণৰূপে সূৰ্যৰ ৰশ্মি আহি চন্দ্ৰত পৰাত বাধা দিয়ে। কেৱলমাত্ৰ পৃথিৱীৰ বায়ুমণ্ডলৰ মাজেৰে গৈ চন্দ্ৰত পৰা ৰশ্মিহে চন্দ্ৰই প্ৰতিফলিত কৰিব পাৰে। সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ সময়ত সূৰ্যটো ৰঙাহোৱাৰ দৰেই এই সময়ত চন্দ্ৰটো ৰঙা দেখা যায়।
ৰাতি হৈ থকা পৃথিৱীৰ যিকোনো অংশৰ পৰায়েই চন্দ্ৰগ্ৰহণ প্ৰত্যক্ষ কৰিব পাৰি। পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ এটি প্ৰায় দুঘণ্টা পৰ্যন্ত বাহাল থাকিব পাৰে। পূৰ্ণিমাৰ পূৰ্ণ চন্দ্ৰৰ পোহৰতকৈ গ্ৰহণৰ সময়ৰ চন্দ্ৰৰ পোহৰ কম হোৱা বাবে এই মহাজাগতিক ঘটনাটো খালি চকুৰেই প্ৰত্যক্ষ কৰিব পাৰি।