![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/c/c3/%25E0%25A6%2598%25E0%25A7%2581%25E0%25A6%2597%25E0%25A7%2581%25E0%25A6%25B9%25E0%25A6%25BE%25E0%25A6%25A6%25E0%25A7%258C%25E0%25A6%25B2%25E0%25A7%25B0_%25E0%25A6%25AC%25E0%25A6%25BE%25E0%25A6%259F%25E0%25A6%259A%2527%25E0%25A7%25B0%25E0%25A6%25BE.jpg/640px-%25E0%25A6%2598%25E0%25A7%2581%25E0%25A6%2597%25E0%25A7%2581%25E0%25A6%25B9%25E0%25A6%25BE%25E0%25A6%25A6%25E0%25A7%258C%25E0%25A6%25B2%25E0%25A7%25B0_%25E0%25A6%25AC%25E0%25A6%25BE%25E0%25A6%259F%25E0%25A6%259A%2527%25E0%25A7%25B0%25E0%25A6%25BE.jpg&w=640&q=50)
ঘুগুহা দৌল
অসমৰ হাবুংৰ চিল-কং-মুখৰ ওচৰৰ গঙমুখ গাওঁ (বৰ্তমানৰ ধেমাজি জিলাৰ ঘুগুহা)ত অৱস্থিত এক মধ্যযুগীয় দৌ / From Wikipedia, the free encyclopedia
ঘুগুহা লাংকুৰি দৌল অসমৰ হাবুংৰ চিল-কং-মুখৰ ওচৰৰ গঙমুখ গাওঁ (বৰ্তমানৰ ধেমাজি জিলাৰ ঘুগুহা)ত অৱস্থিত এক মধ্যযুগীয় দৌল যত আম-চ্যু-চীন ধৰ্মৰ তাওবাদী দেৱতা লাংকুৰিৰ আৰাধনাৰ বাবে স্থাপন কৰা হৈছিল।[1]বুৰঞ্জীবিদ সকলৰ মতে এই দৌল চাওফা চ্যু-ডাং-ফাই নিজৰ মাতৃ নাং ঘুগু কুঁৱৰীৰ স্মৃতিত তেওঁক ডাঙৰ দীঘল কৰা হাবুং অঞ্চলত স্থাপন কৰিছিল।[2] ধেমাজি জিলাৰ সদৰৰপৰা তেইশ কিলোমিটাৰ পশ্চিমে এই দৌল অৱস্থিত। লখিমপুৰৰপৰা ধেমাজি সদৰ পোৱাৰ আগেয়ে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা চমজান-নৰোৱাথান সংযোগী পথেৰে প্ৰায় ৫ কিলোমিটাৰ সোমাই গ’লে দৌলটো পোৱা যায়। আনহাতে ধেমাজিন গৰৰপৰা বুটিকোৰ-নৰোৱাথান হৈ ঘিলামৰা সংযোগী পথেৰেও তালৈ যাব পাৰি।
ক্ষিপ্ৰ তথ্য ঘুগুহা লাংকুৰি দৌল, সাধাৰণ তথ্য ...
ঘুগুহা লাংকুৰি দৌল | |
---|---|
![]() ঘুগুহা দৌলৰ বাটচ'ৰা | |
সাধাৰণ তথ্য | |
স্থান | গঙমুখ গাওঁ, হাবুং (বৰ্তমানৰ ধেমাজি জিলাৰ ঘুগুহা) |
ভৌগোলিক স্থানাংক | 27.37°N 94.47°E / 27.37; 94.47 |
ধৰ্মীয় আনুগত্য | লাংকুৰি আহোম ধৰ্ম (স্থাপনৰ সময়ৰ পৰা বৰ্তমানলৈ), হিন্দু ধৰ্ম (১৯৫০ চনৰ পৰা) |
অঞ্চল | লখিমপুৰৰপৰা ধেমাজি পোৱাৰ আগেয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা চমৰাজান-নৰোৱাথান সংযোগী পথেৰে প্ৰায় ৫ কিলোমিটাৰ ভিতৰলৈ ঘুগুহা অঞ্চলত |
ৰাজ্য | অসম |
বিভাগ | হাবুং |
জিলা | ধেমাজি |
স্থাপত্য সম্পৰ্কীয় বৰ্ণনা | |
প্ৰতিষ্ঠাতা | চ্যু-ডাং-ফা |
নিৰ্দিষ্টকৰণ | |
নিৰ্মাণ সামগ্ৰী | বৰা চাউল,হাঁহৰ কণী |
বন্ধ কৰক