![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/1/17/Binary_logarithm_plot_with_ticks.svg/langas-640px-Binary_logarithm_plot_with_ticks.svg.png&w=640&q=50)
ঘাতাংক
From Wikipedia, the free encyclopedia
ঘাতাংক (ইংৰাজী: Logarithm) হৈছে গণিতৰ ক্ষেত্ৰ খনৰ সূচকৰ বিপৰীত প্ৰক্ৰিয়া। অৰ্থাৎ কোনো সংখ্যাৰ ঘাতাংক হ'ল সেই সূচক যাক এটি নিৰ্ধাৰিত মানৰ, (ভিত্তি) ঘাত হিচাপে উন্নীত কৰিলে প্ৰথমোক্ত সংখ্যাটি পোৱা যায়। সাধাৰণ ক্ষেত্ৰত ঘাতাংকই এটা সংখ্যা (ভিত্তি) কিমানবাৰ গুণ কৰা হ'ল সেয়া গণনা কৰে। উদাহৰণস্বৰূপ, ১০০০ৰ ১০ ভিত্তিক ঘাতাংক বা লগৰ মান ৩, ইয়াৰ অৰ্থ হ'ল ১০ ৰ ঘাত ৩ লৈ উন্নীত কৰিলে ১০০০ পোৱা যায় (১০০০ = ১০ × ১০ × ১০ = ১০৩)। ইয়াত ১০ সংখ্যাটি ৩ বাৰ গুণ কৰিলে ১০০০ পোৱা যায়। আকৌ সাধাৰণভাবে কোৱা হয়, কোনো ধনাত্মক প্ৰকৃত সংখ্যাক যিকোনো প্ৰকৃত ঘাতলৈ উন্নীত কৰিলে সকলোসময়তে ধনাত্মক ফল পোৱা যায়, সূত্ৰ মতে যদি কোনো দুটি ধনাত্মক প্ৰকৃত সংখ্যা b আৰু x ৰ ঘাতাংক নিৰ্ণয় কৰা যায় য'ত b সংখ্যাটি ১ৰ সমান নহয়। xৰ b ভিত্তিক ঘাতাংক প্ৰকাশ এনেকৈ কৰা হয়- logb(x), আৰু ইয়াৰ মান এটা অন্য প্ৰকৃত সংখ্যা yৰ ক্ষেত্ৰত-
![Graph showing a logarithm curves, which crosses the x-axis where x is 1 and extend towards minus infinity along the y-axis.](http://upload.wikimedia.org/wikipedia/commons/thumb/1/17/Binary_logarithm_plot_with_ticks.svg/320px-Binary_logarithm_plot_with_ticks.svg.png)
![Visualization of how exponents of n can be visualized as a full n-ary tree, and how logarithm relates to exponents using this visualization.](http://upload.wikimedia.org/wikipedia/commons/thumb/6/61/Logarithm_visualization_tree.svg/320px-Logarithm_visualization_tree.svg.png)
উদাহৰণস্বৰূপ, যিহেতু ৬৪ = ২৬, তেতিয়া আমি পাম- log২(৬৪) = ৬, ১০ ভিত্তিক ঘাতাংক (অৰ্থাৎ b = ১০)ক কোৱা হয় সাধাৰণ ঘাতাংক, বিজ্ঞান আৰু প্ৰকৌশল বিদ্যাত ইয়াৰ বহুল ব্যৱহাৰ হয়। প্ৰাকৃতিক ঘাতাংকৰ ভিত্তি হ'ল এটা গাণিতিক ধ্ৰৱক E (≈ ২.৭১৮); গণিত আৰু পদাৰ্থবিদ্যাত ইয়াৰ বিস্তৃত ব্যৱহাৰ হৈছে। দ্বিমিক ঘাতাংকৰ ভিত্তি হিচাপে ব্যৱহৃত হয় ২ (অৰ্থাৎ b = ২) আৰু ইয়াক সাধাৰণভাবে কম্পিউটাৰ বিজ্ঞানটো ব্যৱহাৰ কৰা হয়।