চুইডিছ পৰিৱেশ কৰ্মী From Wikipedia, the free encyclopedia
গ্ৰেটা থুন্বাৰি (ইংৰাজী: Greta Thunberg; ৩ জানুৱাৰী, ২০০৩) এগৰাকী চুইডিছ পৰিৱেশ কৰ্ম্মী। বিগত এটা বছৰ ধৰি তেওঁ জলবায়ু পৰিবৰ্তন সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা অনাৰ বাবে চেষ্টা কৰি আহিছে।
গ্ৰেটা থুন্বাৰি | |
---|---|
এপ্ৰিল ২০১৯ ত থুন্বাৰি | |
জন্ম | ৩ জানুৱাৰী, ২০০৩ (২১ বছৰ) ষ্ট'কহ'ম, ছুইডেন |
পেচা | পৰিৱেশ কৰ্মী |
সক্ৰিয় হৈ থকা সময় | ২০১৮ - বৰ্তমান |
ৰাজনৈতিক আন্দোলন | জলবায়ুৰ বাবে বিদ্যালয় ধৰ্মঘট |
আত্মীয়-স্বজন | মালেনা আৰ্নমেন (মাতৃ) ভানটে থুন্বাৰি (পিতৃ) অ'লফ থুন্বাৰি (ককা) |
২০১৮ চনৰ আগষ্ট মাহত মাথোঁ পোন্ধৰ বছৰ বয়সত তেওঁ বিদ্যালয়ৰ শ্ৰেণী বৰ্জন কৰি চুইডিছ সংসদৰ সন্মুখত জলবায়ুৰ পৰিবৰ্তন ৰোধাৰ বাবে অধিক কাৰ্য্যক্ষম পদক্ষেপৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে। কিছুদিনৰ ভিতৰতে অন্য বহু ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ প্ৰতিবাদত যোগ দিয়ে। তেওঁলোকে সন্মিলিত হৈ ভৱিষ্যতৰ বাবে শুক্ৰবাৰ (Fridays for Future) নামেৰে জলবায়ুৰ বিদ্যালয় প্ৰতিবাদ (school climate strike movement) আৰম্ভ কৰে। থুন্বাৰিয়ে ২০১৮ চনৰ ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিবৰ্তন অভিৱৰ্ত্তন (2018 United Nations Climate Change Conference)-ত দিয়া বক্তৃতাৰ পিছত বিশ্বৰ বহুতো দেশত শিক্ষাৰ্থীৰ প্ৰতিবাদ অনুষ্ঠিত হয়।[1][2]
থুন্বাৰি তেওঁৰ পোনপটীয়া (blunt),[3] তথ্যপূৰ্ণ কথা কোৱাৰ ধৰণৰ[4] বাবে খ্যাত। তেওঁ নিজৰ পিতৃ-মাতৃক জলবাুয়ুৰ পৰিবৰ্তনত বিৰূপ প্ৰভাৱ পেলাব পৰা জীৱন এৰি বহনক্ষম উপায় অৱলম্বন কৰিবলৈ সন্মত কৰাইছে।
মে', ২০১৯ ত 'টাইম' আলোচনীয়ে থুন্বাৰিক 'নতুন প্ৰজন্মৰ নেত্ৰী' (next generation leader) হিচাপে আখ্যা দিছে।[5] কিছু প্ৰচাৰ মাধ্যমে তেওঁ সমাজৰ বিভিন্ন স্তৰত পেলোৱা প্ৰভাৱক 'গ্ৰেটা থুন্বাৰি এফেক্ট' (Greta Thunberg effect) ৰূপে অভিহিত কৰিছে।[6]
গ্ৰেটা থুন্বাৰিৰ জন্ম হৈছিল ২০০৩ চনৰ ৩ জানুৱাৰীত ষ্ট'কহ'মত।[7][8] তেওঁৰ মাতৃ অপেৰা গায়িকা মালেনা আৰ্ণমেন (Malena Ernman) আৰু পিতৃ অভিনেতা ভাণ্টে থুন্বাৰি (Svante Thunberg)।[9] তেওঁৰ ককাক অভিনেতা আৰু পৰিচালক ওলফ থুন্বাৰি (Olof Thunberg)।[10]
থুন্বাৰিৰ মতে তেওঁ জলবায়ু পৰিবৰ্তনৰ বিষয়ে ২০১১ চনত শুনিবলৈ পায় যেতিয়া তেওঁৰ বয়স আছিল মাথোঁ আঠ বছৰ। সেইসময়তে জলবায়ুৰ পৰিবৰ্তন ৰোধ কৰিবৰ বাবে কিয় কোনো দৃঢ় পদক্ষেপ লোৱা হোৱা নাই এই লৈ তেওঁ আচৰিত হৈছিল।[11] পৰৱৰ্ত্তী তিনিবছৰত তেওঁ বিষণ্ণতাত ভোগে আৰু কথা কোৱা আৰু খোৱাৰ পৰা বিৰত থাকে। স্বাস্থ্যপৰীক্ষাৰ অন্তত তেওঁৰ Asperger syndrome,[12] obsessive–compulsive disorder (OCD),[12] আৰু selective mutism[12][13] থকা বুলি ধৰা পৰে। যদিও এই ৰোগসমূহে পূৰ্বতে তেওঁক সীমাবদ্ধ কৰি ৰাখিছিল, থুন্বাৰিয়ে Asperger syndrome ক ৰোগৰ সলনি তেওঁৰ 'চুপাৰপাৱাৰ' বুলিহে অভিহিত কৰে।[13]
প্ৰায় দুবছৰ ধৰি, থুন্বাৰিয়ে তেওঁৰ পিতৃ-মাতৃক পৰ্ণাশনী (vegan) হৈ আৰু উৰাজাহাজেৰে ভ্ৰমণ কৰাটো বাদ দি পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ (carbon footprint) কমাবলৈ সন্মত কৰাৰ প্ৰচেষ্টা কৰে। অৱশ্যে ইয়াৰ ফলত তেওঁৰ মাকে সংগীতশিল্পী হিচাপে তেওঁৰ আন্তৰ্জাতিক কেৰিয়াৰ ত্যাগ কৰিব লগা হয়।[9][14] পিতৃ-মাতৃৰ এনে জীৱন শৈলীৰ পৰিবৰ্তন কৰিবলৈ সক্ষম হোৱাৰ বাবেই তেওঁ সমাজলৈকো পৰিবৰ্তন আনিব পাৰিব বুলি আশাবাদী হৈ পৰে।[9] থুন্বাৰিৰ পৰিয়ালৰ এই ঘটনাসমূহ ২০১৮ চনত প্ৰকাশিত Scenes from the Heart নামৰ গ্ৰন্থখনত প্ৰকাশ পাইছে।[15]
২০১৮ চনৰ শেষৰ ফালে গ্ৰেটা থুন্বাৰিয়ে জলবায়ুৰ পৰিবৰ্তন ৰোধাৰ বাবে বিদ্যালয়ৰ ধৰ্মঘট আৰম্ভ কৰে। অনতিপলমে তেওঁ বিশ্বব্যাপি খ্যাতি লাভ কৰিবলৈ সক্ষম হয়। তেওঁ বিদ্যালয়ৰ শ্ৰেণী বৰ্জন কৰাক লৈ তেওঁৰ পিতৃ সন্মত নহয় যদিও থুন্বাৰিয়ে এটা দৃঢ় পক্ষ লোৱাটো সমৰ্থন কৰে বুলি মত প্ৰকাশ কৰে। পিতৃৰ ভাষ্য অনুসৰি 'তেওঁ হয় একো নকৰাকৈ ঘৰত থাকি অসুখী হৈ পৰিব নাইবা ধৰ্মঘট কৰিও সুখী হ'ব। '[14] থুন্বাৰিৰ মতে তেওঁৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত এই ধৰ্মঘটক লৈ মতবিৰোধ আছে। ব্যক্তি হিচাপে তেওঁলোকে এই আন্দোলন আৰু ধৰ্মঘটক সমৰ্থন কৰে কিন্তু শিক্ষাগুৰু হিচাপে তেওঁলোকে থুন্বাৰিয়ে শ্ৰেণীত পাঠগ্ৰহণ কৰাটো বিচাৰে।[14]
থুন্বাৰিয়ে জলবায়ু পৰিবৰ্তনক লৈ দিয়া এলানি বক্তৃতাৰ সংকলন ২০১৯ চনৰ মে' মাহত No One Is Too Small to Make a Difference নামেৰে প্ৰকাশ কৰে।[16] এই গ্ৰন্থৰ পৰা হোৱা সকলো আয় তেওঁ জনকল্যাণমূলক সংগঠনত দান দিয়ে।[17] জলবায়ুৰ পৰিবৰ্তন ৰোধাৰ বাবে পদক্ষেপ ল'বলৈ দাবী জনাই দিয়া এটা ভাষণত থুন্বাৰিয়ে তেওঁৰ ৰোগ ( selective mutism) ৰ বাবে তেওঁ প্ৰয়োজন হ'লেহে কথা কয় ("only speaks when necessary") বুলি মত প্ৰকাশ কৰে।[11] ২০১৯ চনত থুন্বাৰিয়ে "The 1975" নামৰ এটা গানত কণ্ঠদান কৰে। তেওঁ সকলোকে আহ্বান জনাই কয় যে 'এয়া জন সত্যাগ্ৰহ (civil disobedience) ৰ সময়, এয়া বিদ্ৰোহৰ সময়। '[18]
২০১৯ চনৰ আগষ্ট মাহত থুন্বাৰিয়ে যুক্তৰাজ্যৰ প্লাইমাউথৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কলৈ সৌৰশক্তিৰে পৰিচালিত এখন নাৱেৰে আটলাণ্টিক মহাসাগৰেদি যাত্ৰা কৰে। এই যাত্ৰাত থুন্বাৰিয়ে সেউজগৃহ গেছৰ বিকিৰণ নোহোৱাকৈ যাত্ৰা কৰাৰ এক নিদৰ্শন দাঙি ধৰে। ২০১৯ চনৰ ১৪ আগষ্টৰ পৰা ২৮ আগষ্টলৈ চৈধ্য দিন ধৰি তেওঁ এই যাত্ৰা কৰি নিউয়ৰ্কত উপস্থিত হয়হি। আমেৰিকাত থকাৰ সময়ত থুন্বাৰিয়ে নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ জলবায়ুৰ কাৰ্য্যৰোপণ সমাৰোহ (UN Climate Action Summit) আৰু ছাণ্টিয়াগোত ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া জলবায়ু পৰিৱৱৰ্ত্তন অভিৱৰ্ত্তন (COP 25 Climate Change Conference)-ত অংশ লব।[19][20]
"ডেম'ক্ৰেচি নাও!"অৰ এ'মি গুডমেনৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত থুন্বাৰিয়ে কৈছিল যে ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত আমেৰিকাৰ স্কুল এখনত হোৱা গুলীবৰ্ষণৰ পিছত যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে স্কুললৈ আহিবলৈ অস্বীকাৰ কৰিছিল, তেতিয়াই পোনপ্ৰথমবাৰৰ বাবে জলবায়ুৰ হকে ধৰ্মঘট কৰাৰ কথা তেওঁৰ মনলৈ আহিছিল।[9] ফ্ল'ৰিডাৰ পাৰ্কলেণ্ডস্থিত মাৰ্জৰি ষ্ট'নমেন ডগলাছ হাইস্কুলৰ এই শিশু কৰ্মীসকলে বন্দুক প্ৰচলনৰ ওপৰত নিয়ন্ত্ৰণ আনিবলৈ "আমাৰ জীৱনৰ স্বাৰ্থত শোভাযাত্ৰা" কাৰ্য্যসূচী হাতত লৈছিল।[21][22]
ইয়াৰ পিছত ২০১৮ চনৰ মে' মাহত চুইডিছ সংবাদ পত্ৰ Svenska Dagbladet য়ে জলবায়ু পৰিবৰ্তন সম্পৰ্কে আয়োজন কৰা ৰচনা প্ৰতিযোগিতা এখনত থুন্বাৰিয়ে পুৰস্কাৰ লাভ কৰে। ৰচনাখনৰ এটা অংশত তেওঁ লিখিছিল, "মই সুৰক্ষিত অনুভৱ কৰিবলৈ বিচাৰোঁ। কিন্তু যেতিয়া আমি মানৱ ইতিহাসৰ সবাতোকৈ ডাঙৰ সংকটটোৰ মুখামুখি হৈছোঁ, কেনেকৈ নিজকে সুৰক্ষিত বুলি পতিয়ন নিয়াব পাৰিম?"[23] সংবাদপত্ৰখনে তেওঁৰ প্ৰবন্ধটো প্ৰকাশ কৰাৰ পিছতে জলবায়ু পৰিবৰ্তন ৰোধৰ হকে কাম কৰিবলৈ আগ্ৰহী "ফছিল ফ্ৰি ডালস্লেণ্ড" নামৰ গোটটোৰ সদস্য ব' থৰেনে তেওঁৰ সৈতে যোগাযোগ কৰে। থুন্বাৰিয়ে সেই গোটটোৰ কেইবাখনো সভাত অংশ লৈছিল। ইয়াৰে এখন সভাত থৰেনে পৰামৰ্শ দিছিল যে স্কুলীয়া ছাত্ৰ-ছাত্ৰীবোৰে জলবায়ু পৰিবৰ্তনৰ বিৰুদ্ধে মাত মাতি ধৰ্মঘট কৰিব পাৰে।[24] থুন্বাৰিয়ে যুৱ সম্প্ৰদায়ৰ আন বহুতকো এই প্ৰচেষ্টাৰ অংশীদাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও কোনোৱে এইক্ষেত্ৰত বিশেষ সদিচ্ছা নেদেখুৱালে। সেইবাবে পিছলৈ তেওঁ নিজেই ধৰ্মঘটৰ সূচনা কৰাৰ সিদ্ধান্ত ল'লে।[9]
২০১৮ চনৰ গ্ৰীষ্মকালত ছুইডেনৰ তাপমাত্ৰাই যোৱা ২৬২ বছৰৰ ভিতৰত সৰ্বোচ্চ মান পায়। প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহৰ ফলত ব্যাপক হাৰত বনজুই লাগে। নৱম শ্ৰেণী পোৱাৰ মাত্ৰ কিছুদিন পিছতে ২০১৮ চনৰ ২০ আগষ্টত থুন্বাৰিয়ে সিদ্ধান্ত লয় যে চুইডিছ সাধাৰণ নিৰ্বাচন শেষ নোহোৱালৈ তেওঁ বিদ্যালয়ৰ শ্ৰেণী বৰ্জন কৰিব।[14] থুন্বাৰিয়ে দাবী কৰিছিল যে চুইডিছ চৰকাৰে পেৰিছ চুক্তিৰ লগত খাপ খোৱাকৈ কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব লাগে। স্কুল চলি থকা সময়তে তেওঁ ৰিকস্দাগৰ বাহিৰত বহি তিনি সপ্তাহ ধৰি Skolstrejk för klimatet (অৰ্থাৎ, জলবায়ুৰ বাবে বিদ্যালয় ধৰ্মঘট) শীৰ্ষক বেনাৰ লৈ প্ৰতিবাদ সাৱ্যস্ত কৰিছিল।[25] তেওঁ কাগজৰখিলা কিছুমানো বিলাই দিছিল, য'ত লিখা আছিল, "মই এনে কৰাৰ কাৰণটো হৈছে- তোমালোক ডাঙৰসকলে মোৰ ভৱিষ্যতটো নষ্ট কৰিবলৈ ওলাইছা"।
থুন্বাৰিয়ে ধৰ্মঘটৰ ছবিসমূহ প্ৰথমে ইনষ্টাগ্ৰাম আৰু টুইটাৰৰ জৰিয়তে প্ৰচাৰ কৰিছিল। পিছলৈ ছডিয়েল মিডিয়াত আন বহু লোকেও থুন্বাৰিৰ প্ৰচেষ্টাক প্ৰচাৰ কৰে।[26] "উই ড'ণ্ট্ হেভ টাইম" নামৰ জলবায়ুকেন্দ্ৰিক চুইডিছ ছ'চিয়েল মিডিয়া কোম্পানী এটাৰ প্ৰতিষ্ঠাপক ইংমাৰ ৰেঞ্জহগৰ মতে থুন্বাৰিৰ ধৰ্মঘটে তেতিয়াৰ পৰা সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ল'লে,যেতিয়া তেওঁ স্বাধীন ফটোগ্ৰাফাৰ এজনৰ সৈতে গৈ থুন্বাৰিৰ ছবিসমূহ তেওঁৰ ফেইচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্টত ভাগ-বতৰা কৰিলে। এইসম্পৰ্কে তেওঁ ইংৰাজী ভাষাত ভিডিঅ' এটা প্ৰস্তুত কৰি কোম্পানীটোৰ ইউটিউব চেনেলতো আপল'ড কৰিছিল। সেই ভিডিঅ'টোৱে প্ৰায় ৮৮,০০০ দৰ্শন লাভ কৰিছিল।[27] নৰ্ডিয়া নামৰ ফিনিছ বেংকৰ প্ৰতিনিধি এজনে থুন্বাৰিৰ টুইট এটাৰ উদ্ধৃতি তেওঁৰ ২,০০,০০০ অনুসৰণকাৰীৰ মাজলৈ লৈ গৈছিল। থুন্বাৰিৰ ছ'চিয়েল মিডিয়াৰ পৃষ্ঠাসমূহে স্থানীয় সংবাদদাতাৰ দৃষ্টি আকৰ্ষণ কৰিছিল আৰু তেওঁলোকে প্ৰস্তুত কৰা সংবাদৰ ফলত মাত্ৰ এসপ্তাহতকৈ সামান্য বেছি সময়ৰ ভিতৰতে আন্তৰাষ্ট্ৰীয় পৰ্য্যায়তো চৰ্চালৈ আহিছিল।[26]
সাধাৰণ নিৰ্বাচন শেষ হোৱাৰ পিছত থুন্বাৰিয়ে কেৱল প্ৰতি শুক্ৰবাৰে ধৰ্মঘট অব্যাহত ৰাখিলে। তেওঁক অনুকৰণ কৰি সমগ্ৰ বিশ্বৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকল ধৰ্মঘটত অংশ ল'বলৈ অনুপ্ৰাণিত হৈছে।[28] ২০১৮ চনৰ ডিচেম্বৰ মাহৰ তথ্য অনুসৰি অতি কমেও ২৭০খন চহৰত ২০,০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে ধৰ্মঘট পালন কৰিছে।[28]
২০১৮ চনৰ অক্টোবৰ মাহৰ পৰা থুন্বাৰিয়ে কেৱল এককভাৱে প্ৰতিবাদী কাৰ্য্যসূচী পালনৰ পৰিৱৰ্তে সমগ্ৰ ইউৰোপতে বিভিন্ন প্ৰতিবাদী সমদলত অংশ লৈছে। এইসমূহত তেওঁ সৱল বক্তৃতা দিয়াৰ ফলত ছ'চিয়েল মিডিয়াত তেওঁৰ অনুসৰণকাৰীৰ সংখ্যাও ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ২০১৯ চনৰ মাৰ্চ মাহলৈ চুইডিছ সংসদৰ বাহিৰত থুন্বাৰিয়ে প্ৰতি শুক্ৰবাৰে নিয়মীয়াকৈ প্ৰতিবাদ অব্যাহত ৰাখিছিল। এতিয়া আন বহুতো ছাত্ৰ-ছাত্ৰীয়েও তেওঁক প্ৰতিবাদী কাৰ্য্যসূচীসমূহত সহযোগ কৰে। তেওঁৰ কাৰ্য্যসূচীসমূহে তেওঁক স্কুলৰ পঢ়া-শুনাৰ ক্ষেত্ৰত বাধা দিয়া নাই, কেৱল তেওঁ এতিয়া পূৰ্বৰ দৰে বেছি আজৰি সময় নাপায়।[12]
২০১৮ চনত ছুইডিছ সদনৰ বাহিৰত থুন্বাৰিয়ে প্ৰতিবাদ জনাওতে তেওঁৰ বয়স আছিল পোন্ধৰ। সেইসময়ত তেওঁৰ ওচৰত দুটা সৰল বাৰ্তা আছিল। প্ৰথমটো বাৰ্তা আছিল "জলবায়ুৰ বাবে বিদ্যালয় ধৰ্মঘট" শীৰ্ষক আহ্বান। আৰু আনটো বাৰ্তা আছিল তেওঁ বিলাই দিয়া কেইখনমান প্ৰচাৰপত্ৰত। সেই প্ৰচাৰপত্ৰবোৰত লিখা আছিল: "তোমালোক অগ্ৰজসকলে আমাৰ ভৱিষ্যতৰ ওপৰত বিষ্ঠাত্যাগ কৰাৰ কাৰণেই মই এনেকুৱা কৰিব লগা হৈছে" (I am doing this because you adults are shitting on my future)।[29] থুন্বাৰিৰ নেতৃত্বত আৰম্ভ হোৱা এই আন্দোলনটোৱে পৰৱৰ্তী সময়ত এক বিপুল জনজাগৰণৰ সৃষ্টি কৰে আৰু পৰিৱৰ্তিত জলবায়ুৰ বিষম প্ৰতিক্ৰিয়াৰ সম্বন্ধে থুন্বাৰিয়ে বিভিন্ন ঠাইত বক্তৃতা দিবলৈ আৰম্ভ কৰে। থুন্বাৰিৰ মতে, "গোলকীয় উষ্ণতাই সৃষ্টি কৰা সংকট ইমানেই ভয়াৱহ যে সুদূৰ ভৱিষ্যতে ইয়াৰ ফলত মানৱ সমাজ ধ্বংস হোৱাৰো অৱকাশ আছে। আৰু ইয়াৰ ফলত আমাৰ সভ্যতাৰো বিলুপ্তি ঘটিব। " থুন্বাৰিয়ে ইয়াৰ বাবে জগৰীয়া কৰিছে বৰ্তমান সময়ৰ পৃথিৱীৰ অগ্ৰজসকলক। তেওঁৰ ভাষাত, "তোমালোকে আমাৰ ভৱিষ্যত চুৰ কৰিছা। "[30][31] লণ্ডনৰ সদনত বক্তব্য ৰাখি থুন্বাৰিয়ে কৈছিল, "তোমালোকে আমাৰ আগত মিছা মাতিলা। তোমালোকে আমাক মিছা আশা দিলা। তোমালোকে কৈছিলা যে আমি সকলোৱে ভৱিষ্যতলৈ আগ্ৰহেৰে বাট চাব লাগে। " থুন্বাৰিয়ে স্পষ্টতাৰে ইয়াকো কয় যে, "আমি এতিয়া সাৰ পোৱা উচিত আৰু সলনি হোৱা উচিত কাৰণ সমস্যাটো সমাধান কৰিবলৈ নামমাত্ৰহে কাম কৰা হৈছে। "[32] তেওঁ কয় যে, "পৰিস্থিতি অত্যন্ত ভয়ংকৰ। আমি সকলো আতংকিত হোৱা উচিত। "[33] থুন্বাৰিৰ মতে-পৃথিৱীৰ ৰাজনীতিজ্ঞসকল আৰু সিদ্ধান্তগ্ৰহণকাৰী বিভাগসমূহে বিজ্ঞানীমহলৰ কথা মনপুতি শুনা উচিত।[34] IPCC (Intergovernmental Panel on Climate Change)-ৰ প্ৰতিবেদনলৈ আঙুলিয়াই দি ২০১৯ চনত থুনবাৰ্গে কয় যে, "আমাৰ ভুলৰ সংশোধনী কৰাৰ পৰা আমি এতিয়াও ১২টা বছৰ পিছুৱাই আছোঁ। "[35]
মতপ্ৰকাশৰ জৰিয়তে নিজৰ চিন্তাধাৰা ব্যক্ত কৰিবলৈ থুন্বাৰিয়ে সাধাৰণতে তীক্ষ্ণ ভাষা আৰু ৰৈখিক উপমিতি (Graphic Analogy) ব্যৱহাৰ কৰে। কোনোধৰণৰ কাৰ্যপন্থা হাতত নোলোৱাৰ বাবে তেওঁ প্ৰায়েই ব্যৱসায়িক গোষ্ঠী আৰু পৃথিৱীৰ ৰাজনৈতিক নেতাবোৰক গালি পাৰে। ডাভোছ উপস্থিত হৈ থুন্বাৰিয়ে প্ৰখ্যাত উদ্যোগপতি আৰু ৰাজনৈতিক নেতাসকলক উদ্দেশ্যি কৈছিল, "কিছুমান মানুহে, কিছুমান কোম্পানীয়ে, কিছুমান সিদ্ধান্তগ্ৰহণকাৰী পক্ষই অকল্পনীয় হাৰত ধন উপাৰ্জন কৰিবলৈ কেনেদৰে ত্যাগ স্বীকাৰ কৰিব লাগে- সেইটো ভালদৰেই জানে। মই ভাবোঁ, আজি ইয়াত উপস্থিত থকা আপোনালোক মানুহখিনিও সেইটো দলৰেই প্ৰতিনিধি। "[36] ইয়াতে বক্তৃতা শেষ নকৰি থুন্বাৰিয়ে কৈ গ'ল, "ঘৰত জুই লাগিলে যেনেদৰে প্ৰতিক্ৰিয়া দেখুৱাব লাগে, ঠিক তেনেদৰে তোমালোকে এইমুহূৰ্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো মই বিচাৰোঁ। কাৰণ, জুইকুৰা ইতিমধ্যেই লাগিছে। "[37] ২০১৮ চনৰ অক্টোবৰত লণ্ডনত উপস্থিত হৈ থুন্বাৰিয়ে মন্তব্য দিয়ে, " আমি এইমুহূৰ্তত একধৰণৰ অবিস্মৰণীয় সংকটৰ মুখামুখি হৈছোঁ, যাক ইয়াৰপূৰ্বে কাহিনীও সংকটৰ দৰে গ্ৰহণ কৰা হোৱা নাছিল। আৰু আমাৰ নেতাসকলৰ আচৰণ আছিল শিশুসুলভ। "[38]
গোলকীয় উষ্ণতা ১.৫ ডিগ্ৰীতে সীমাৱদ্ধ কৰিবলৈ বহুচৰ্চিত পেৰিচ চুক্তিত সিদ্ধান্ত লোৱা হৈছিল। থুন্বাৰিৰ মতে এইয়াই যথাৰ্থ নহয়। গ্ৰীনহাউচ গেছ নিৰ্গমণৰ গ্ৰাফডাল ২০২০ চনৰ পূৰ্বেই নিম্নমুখী হোৱা উচিত।[39] ২০১৯ চনৰ জানুৱাৰীত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সদনত মন্তব্য প্ৰকাশ কৰি কৈছিল যে, "ব্ৰিটেইনে এতিয়া নিগৰ্মণ হ্ৰাস কৰাৰ কথাকে কৈ নাথাকি সেইবোৰক সম্পূৰ্ণভাৱে নিশ্চিহ্ন কৰাৰ কথা ভাবিব লাগে। "[40] ২০১৯ চনত ইউৰোপীয়ান অৰ্থনৈতিক আৰু সামাজিক সমিতিয়ে আয়োজন কৰা সন্মিলনীত অংশগ্ৰহণ কৰি থুন্বাৰিয়ে বক্তব্য ৰাখে যে, "২০৩০ চনৰ আগে আগে ইউৰোপিয়ান ইউনিয়নে কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমণ ৮০% পৰ্যন্ত হ্ৰাস কৰিব লাগিব আৰু তাৰ বাবে পেৰিছত গ্ৰহণ কৰা ৪০%ৰ লক্ষ্যটো দুগুণ কৰিব লাগিব। "[41][42]
নিজৰ ফেইচবুক পৃষ্ঠাত প'ষ্ট কৰা এক অভিমতত থুন্বাৰিয়ে কয় যে তেওঁ এগৰাকী জলবায়ু বিজ্ঞানী নহয়। তেওঁ এগৰাকী সাধাৰণ বাৰ্তাবাহকহে; যিয়ে বিজ্ঞানীসকলে বহুদিনৰপৰা কৈ থকা কথাবোৰহে পুনৰাবৃত্তি কৰি আহিছে; আশানুৰূপ সফলতা এতিয়াও তেওঁ পোৱা নাই। তেওঁ কয় যে, "যদিহে সকলোৱে বিজ্ঞানীমহলৰ কথা শুনিলেহেঁতেন আৰু তেওঁলোকে দাখিল কৰা তথ্যবোৰক গুৰুত্বসহকাৰে ল'লেহেঁতেন, তেন্তে আমি পুনৰ বিদ্যালয়লৈ যাব পাৰিলোঁহেঁতেন। "[43] নিউয়ৰ্ক ভ্ৰমণৰ সময়ত থুন্বাৰি পুনৰ এইটো প্ৰসংগলৈ উভতি আহে। এখন কাৰ্বন-নিউট্ৰেল জাহাজত যাত্ৰা কৰি নিউয়ৰ্কলৈ অহা থুন্বাৰিৰ সেই জাহাজখনৰ পালত বৰ বৰ আখৰেৰে লিখা আছিল 'বিজ্ঞানৰ পক্ষ লোৱা' (UNITE BEHIND THE SCIENCE)।[44] নিউয়ৰ্কত উপস্থিত হোৱাৰ পাছত থুন্বাৰিয়ে ডোনাল্ড ট্ৰাম্পকো সতৰ্ক কৰি কয় যে, "বিজ্ঞানৰ কথা শুনা" (Listen to the science)।[45]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.