![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/c/cb/Prime_Minister_Narendra_Modi_with_the_Indian_Contingent_for_Rio_2016_Paralympics.jpg/640px-Prime_Minister_Narendra_Modi_with_the_Indian_Contingent_for_Rio_2016_Paralympics.jpg&w=640&q=50)
গ্ৰীষ্মকালীন পেৰালিম্পিক ২০১৬ত ভাৰত
From Wikipedia, the free encyclopedia
ভাৰতে ২০১৬ চনৰ ৭ ছেপ্টেম্বৰৰ পৰা ১৮ ছেপ্টেম্বৰলৈ ব্ৰাজিলৰ ৰিঅ' দি জেনেৰিঅ'ত অনুষ্ঠিত ২০১৬ গ্ৰীষ্মকালীন পেৰালিম্পিক ক্ৰীড়াত অংশগ্ৰহণ কৰে। ১৯৬৮ চনৰ পেৰালিম্পিক ক্ৰীড়াৰ পৰা ভাৰতীয় খেলুৱৈ সকলে গ্ৰীষ্মকালীন পেৰালিম্পিকৰ ১৯৭৬ আৰু ১৯৮০ চনৰ সংস্কৰণক বাদ দি প্ৰতিটো সংস্কৰণত যোগদান কৰি আহিছে।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/c/cb/Prime_Minister_Narendra_Modi_with_the_Indian_Contingent_for_Rio_2016_Paralympics.jpg/640px-Prime_Minister_Narendra_Modi_with_the_Indian_Contingent_for_Rio_2016_Paralympics.jpg)
২০১৬ চনৰ ৮ আগষ্ট তাৰিখে ভাৰতীয় পেৰালিম্পিক সন্থায়ে ১৯ জনীয়া (১৬জন পুৰুষ আৰু ৩ গৰাকী নাৰী) প্ৰতিনিধিৰ দল ৰিঅ' পেৰালিম্পিকৰ ৫তা খেলৰ বাবে ঘোষণা কৰে।[1]
পেৰালিম্পিকৰ ইতিহাসত ভাৰতে গ্ৰীষ্মকালীন পেৰালিম্পিকলৈ পঠিওৱা ইয়ে আটাইতকৈ বেছি সংখ্যক প্ৰতিযোগী। লগতে এইবাৰ ভাৰতে নিজৰ উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰে। ভাৰতে ২টা সোণ, ১টা ৰূপ আৰু ১টা ব্ৰঞ্জৰ পদকৰে পিডক তালিকাৰ ৪৩তম স্থান অধিকাৰ কৰে। এইবাৰ ভাৰতীয় পেৰা খেলুৱৈ দেৱেন্দ্ৰ ঝাঝাৰীয়াই জেভলীন থ্ৰোত বিশ্ব ৰেকৰ্ড গঢ়ি সোণৰ পদক লাভ কৰে।[2]