![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/d/df/A_still_of_Shri_Ghulam_Mustafa_Waris_Khan_who_will_be_presented_with_the_Sangeet_Natak_Akademi_Award_for_Hindustani_Music_-_Vocal_by_the_President_Dr._A.P.J_Abdul_Kalam_in_New_Delhi_on_October_26%252C_2004.jpg/640px-thumbnail.jpg&w=640&q=50)
গোলাম মুস্তাফা খান
ভাৰতীয় হিন্দুস্তানী শাস্ত্ৰীয় কণ্ঠশিল্পী / From Wikipedia, the free encyclopedia
ওস্তাদ গোলাম মুস্তাফা খান (ইংৰাজী: Ustad Ghulam Mustafa Khan, ৩ মাৰ্চ ১৯৩১ – ১৭ জানুৱাৰী ২০২১)[1] এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত পৰম্পৰাৰ সংগীতজ্ঞ। তেওঁ হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ৰামপুৰ সহসৱান ঘৰাণাৰ শিল্পী।[2] ২০০৩ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক ১৯৯১ চনত পদ্মশ্ৰী, ২০০৬ চনত পদ্মভূষণ আৰু ২০১৮ চনত পদ্মবিভূষণ বঁটা প্ৰদান কৰে।
ক্ষিপ্ৰ তথ্য গোলাম মুস্তাফা খান, প্ৰাথমিক তথ্য ...
গোলাম মুস্তাফা খান | |
---|---|
![]() ২০০৪ চনত ওস্তাদগোলাম মুস্তাফা খান | |
প্ৰাথমিক তথ্য | |
জন্ম | ৩ মাৰ্চ, ১৯৩১ বাদায়ুন, ইউনাইটেড প্ৰভিন্সেছ অফ আগ্ৰা এণ্ড অৱধ, ব্ৰিটিছ ভাৰত (বৰ্তমান উত্তৰ প্ৰদেশ, ভাৰত) |
মূল | বাদায়ুন |
মৃত্যু | ১৭ জানুৱাৰী, ২০২১ (৮৯ বছৰ) |
সংগীতৰ প্ৰকাৰ | হিন্দুস্তানী শাস্ত্ৰীয় সংগীত |
পেচা | কণ্ঠশিল্পী |
কাৰ্যকাল | ১৯৫২-২০২১ |
ৰেকৰ্ড লেবেল | চাৰেগামা, টিপছ মিউজিক, মেগনাচাউণ্ড মিডিয়া, ইনিভাৰ্চেল মিউজিক, চনী মিউজিক ইণ্ডিয়া, টি চিৰিজ, চাগা মিউজিক, নিম্বুছ ৰেকৰ্ডছ, নৱৰস ৰেকৰ্ড |
ৱেবছাইট | ustadghulammustafakhan |
বন্ধ কৰক
২০২১ চনৰ ১৭ জানুৱাৰী তাৰিখে মুম্বাইৰ নিজা বাসভৱনত তেওঁৰ ৮৯ বছৰ বয়সত মৃত্যু হয়।