![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/e/e9/Gulzar_at_Tera_Bayaan_Ghalib.jpg/640px-Gulzar_at_Tera_Bayaan_Ghalib.jpg&w=640&q=50)
গুলজাৰ
From Wikipedia, the free encyclopedia
সম্পূৰণ সিং কাল্ৰা (জন্ম ১৮ আগষ্ট ১৯৩৪), গুলজাৰ ছদ্মনামেৰে বিখ্যাত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, গীতিকাৰ, চিত্ৰনাট্যকাৰ, প্ৰযোজক, কবি আৰু সাহিত্যিক।[1] ব্ৰিটিছ ভাৰতৰ ঝিলাম জিলাত (বৰ্তমান পাকিস্তান) জন্মগ্ৰহণ কৰা গুলজাৰৰ পৰিয়ালে দেশ বিভাজনৰ পিছত ভাৰতলৈ গুচি আহে। সংগীত পৰিচালক এছ.ডি.বৰ্মনৰ লগত ১৯৬৩ চনত মুক্তি লাভ কৰা ছবি বন্দীনীত গীতিকাৰ হিচাপে তেওঁ কৰ্মজীৱনৰ পাতনি মেলিছিল। তাৰপিছত তেওঁ আৰ.ডি.বৰ্মন, সলিল চৌধুৰী, বিশাল ভাৰদ্বাজ, এ. আৰ. ৰহমান আদিৰ দৰে বিখ্যাত সংগীত পৰিচালকৰ লগত কাম কৰিছিল। তেওঁ বৰ্তমানলৈকে ৪টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২১টা ফিল্মফেয়াৰ বঁটা, এটা অস্কাৰ বঁটা আৰু এটা গ্ৰেমী বঁটা লাভ কৰিছে।[2][3] ২০০৪ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।[4] চলচ্চিত্ৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁ ২০১৩ চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটা দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।
গুলজাৰ | |
---|---|
![]() | |
জন্ম | সম্পূৰণ সিং কাল্ৰা ১৮ আগষ্ট, ১৯৩৪ (৮৯ বছৰ) দিনা, পঞ্জাব প্ৰভিন্স, ব্ৰিটিছ ভাৰত (বৰ্তমান পঞ্জাব পাকিস্তান) |
ৰাষ্ট্ৰীয়তা | ভাৰত |
পেচা | চলচ্চিত্ৰ পৰিচালক, গীতিকাৰ, চিত্ৰনাট্যকাৰ, প্ৰযোজক, কবি, সাহিত্যিক |
সক্ৰিয় হৈ থকা সময় | ১৯৭১-৯৯ (পৰিচালক হিচাপে) ১৯৫৬-বৰ্তমানলৈ (গীতিকাৰ হিচাপে) |
দাম্পত্যসঙ্গী | ৰাখী (বি. ১৯৭৩) |
পিতৃ-মাতৃ | মাখান সিং কাল্ৰা (পিতৃ) সুজান কৌৰ (মাতৃ) |
সন্তান | মেঘনা গুলজাৰ |
বঁটা, সন্মান, পুৰস্কাৰ আদি | সাহিত্য অকাডেমি বঁটা (২০০২), পদ্মভূষণ (২০০৪), শ্ৰেষ্ঠ গীতৰ অস্কাৰ বঁটা (২০০৮), চলচ্চিত্ৰ, দূৰদৰ্শন বা দৃশ্যমান মেডিয়াৰ বাবে ৰচিত শ্ৰেষ্ঠ গীতৰ গ্ৰেমী বঁটা (২০১০), দাদাচাহেব ফাল্কে বঁটা (২০১৩), |
গুলজাৰ এজন বিখ্যাত কবি, সংকলাপ লিখক আৰু চিত্ৰ্যনাট্যকাৰ। তেওঁৰ সাহিত্যকীৰ্তিৰ বাবে ২০০২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁ ১৯৭০ৰ দশকত আন্ধি আৰু মৌচম আদিৰ দৰে বিখ্যাত ছবিৰ পৰিচালনা কৰিছিল। তেওঁ ১৯৮০ৰ দশকত টেলিভিছন ধাৰাবাহিক মিৰ্জা গালিব পৰিচালনা কৰিছিল।
২০১৩ চনৰ এপ্ৰিল মাহত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক অসম বিশ্ববিদ্যালয় আচাৰ্য পদত নিযুক্ত কৰে।[5]