গুপ্তেশ্বৰ দেৱালয়
From Wikipedia, the free encyclopedia
গুপ্তেশ্বৰ দেৱালয় বা গুপ্তেশ্বৰ মন্দিৰ (ইংৰাজী: Gupteswar Temple) হৈছে অসমৰ শোণিতপুৰ জিলাৰ পশ্চিম প্ৰান্তত ঢেকীয়াজুলি চহৰৰ অৱস্থিত হিন্দু ধৰ্মৰ এক দেৱালয়। এই দেৱালয় শিঙৰী মন্দিৰ হিচাপেও জনা যায়, কালিকা পুৰাণটো শৃংগটক নামেৰে ইয়াৰ উল্লেখ আছে।[1] তেজপুৰ চহৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ আৰু ঢেকীয়াজুলি চহৰৰ পৰা প্ৰায় ১১ কিলোমিটাৰ আতৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত শিঙৰী পাহাৰৰ পাদদেশত এই দেৱালয় অৱস্থিত। লোকপ্ৰবাদ অনুসৰি এই মন্দিৰটো স্বয়ং বিশ্বকৰ্মা দেৱতাই নিৰ্মাণ কৰিছিল, আৰু পাছত আহোম স্বৰ্গদেউসকলে ইয়াত হাত বুলাইছিল।[2]
ক্ষিপ্ৰ তথ্য গুপ্তেশ্বৰ দেৱালয়, ভূ-স্থানাংক ...
গুপ্তেশ্বৰ দেৱালয় | |
---|---|
ভূ-স্থানাংক | 26.36°N 92.29°E / 26.36; 92.29 |
নাম | |
অন্য নাম | গুপ্তেশ্বৰ মন্দিৰ শিঙৰি মন্দিৰ |
স্থান | |
দেশ | ভাৰত |
ৰাজ্য/ অঞ্চল | অসম |
জিলা | শোণিতপুৰ |
স্থাপত্য আৰু সংস্কৃতি | |
মুখ্য দেৱ/ দেৱী | শিৱ |
প্ৰধান উৎসৱ | মহা শিৱৰাত্ৰি |
স্থাপত্য শৈলী | আহোম স্থাপত্য |
বন্ধ কৰক