গুনিত মংগা
একাডেমী বঁটা বিজয়ী ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক / From Wikipedia, the free encyclopedia
গুনীত মংগা (ইংৰাজী: Guneet Monga ; জন্ম: ২১ নৱেম্বৰ ১৯৮৩) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। ২০২৩ চনৰ একাডেমী বঁটা বিজয়ী চুটি তথ্যচিত্ৰ-ছবি দ্য এলিফেণ্ট হুইছপাৰাৰ্ছৰ তেখেত কাৰ্যবাহী প্ৰযোজক। মংগা শিক্ষা এণ্টাৰটেইনমেণ্ট বুটিক ফিল্ম প্ৰডাকচন হাউছৰ প্ৰতিষ্ঠাপক যিয়ে গেংছ অৱ ৱাছেইপুৰ - পাৰ্ট ১, গেংছ অৱ ৱাছেইপুৰ - পাৰ্ট ২, পেডলাৰ্ছ, দ্য লাঞ্চবক্স, মাছান, জুবান আৰু পাগগ্লাইটৰ দৰে উল্লেখযোগ্য ছবি নিৰ্মাণ কৰিছিল।[1]
গুনিত মংগা Guneet Monga | |
---|---|
২০১৮ চনত মংগা | |
জন্ম | ২১ নৱেম্বৰ, ১৯৮৩ (৪০ বছৰ) নতুন দিল্লী, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰত |
শিক্ষানুষ্ঠান | গুৰু গোবিন্দ সিং ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয় |
পেচা | ছবি প্ৰযোজক, শিখ্যা এণ্টাৰটেইনমেণ্টৰ মুখ্য কাৰ্যবাহী বিষয়া |
জনা যায় | এলিফেণ্ট হুইছপাৰাৰছ |
২০১৮ চনত ভাৰতৰ প্ৰথমগৰাকী প্ৰযোজক হিচাপে মংগাই একাডেমী অৱ চলচ্চিত্ৰ আৰ্টছ এণ্ড চাইন্সেছত অন্তৰ্ভুক্ত হয়।[2]তেখেতে পিৰিয়ড দ্য এণ্ড এৱ চেনটেঞ্চনামৰ তথ্যচিত্ৰ চুটি ছবিত কাৰ্যবাহী প্ৰযোজক হিচাপে কাম কৰিছিল। ছবিখনে ২০১৯ চনৰ শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি ছবিৰ একাডেমী বঁটা লাভ কৰে। দ্য হলিউড ৰিপ’ৰ্টাৰে বিশ্ব মনোৰঞ্জন উদ্যোগৰ শীৰ্ষ ১২ গৰাকী সফল মহিলা ভিতৰত মংগাক অন্যতম বুলি ঘোষনা কৰিছে৷ ইণ্ডিয়া টুডেৰ দ্বাৰা ভাৰত সলনি কৰা শীৰ্ষ ৫০ গৰাকী ভাৰতীয়ৰ ভিতৰতো মংগাৰ নাম সন্নিৱিষ্ট হৈছে৷
২০২১ চনত গুণিত মংগাক ফ্ৰান্স চৰকাৰে চেভালিয়াৰ ডান্স ল’অৰ্ডে ডেছ আৰ্টছ এট ডেছ লেট্ৰেছৰ সৈতে সন্মানিত কৰে।