![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/4/4f/Gandhi_cap.jpg/640px-Gandhi_cap.jpg&w=640&q=50)
গান্ধী টুপী
From Wikipedia, the free encyclopedia
গান্ধী টুপী (হিন্দী: गांधी टोपी) হৈছে এক বগা ৰঙৰ টুপী বা চাইডকেপ। ইয়াৰ সন্মুখ আৰু পিছ অংশ ঠেক আৰু মাজ অংশ অলপ বহল। গান্ধী টুপী খাদীৰ পৰা তৈয়াৰ কৰা হয়। ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ত প্ৰথমে ইয়াৰ ব্যৱহাৰ জনপ্ৰিয় কৰা ভাৰতীয় নেতা মহাত্মা গান্ধীৰ নামেৰে ইয়াৰ নামাকৰণ কৰা হৈছে। আৰম্ভণিতে গান্ধী টুপী সাধাৰণতে ভাৰতীয় স্বাধীনতা সংগ্ৰামী সকলে পৰিধান কৰিছিল। পিছলৈ স্বাধীন ভাৰতত ইয়াক পিন্ধিবলৈ ৰাজনীতিবিদ আৰু ৰাজনৈতিক কৰ্মীসকলৰ বাবে এক প্ৰতীক ঐতিহ্যহৈ পৰিণত হৈছিল।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/4/4f/Gandhi_cap.jpg/640px-Gandhi_cap.jpg)