মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকী উপলক্ষে ভাৰতত উদযাপিত অনুষ্ঠান From Wikipedia, the free encyclopedia
গান্ধী জয়ন্তী ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী। সমগ্ৰ ভাৰতত এই দিনটো চৰকাৰী ছুটিৰ দিন। যদিও ভাৰতৰ সংবিধানত জাতিৰ পিতা বুলি কোনো উপাধি প্ৰদান কৰা হোৱা নাই, তথাপিও ভাৰতৰ জন-গণে মহাত্মা গান্ধীক জাতিৰ পিতা বুলি গণ্য কৰে।[1][2]
গান্ধী জয়ন্তী Gandhi Jayanti | |
---|---|
মহাত্মা গান্ধী | |
পালন কৰে | ভাৰত |
প্ৰকাৰ | ৰাষ্ট্ৰীয় |
মহত্ব | ভাৰতীয় স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ ভূমিকা আৰু তেওঁলৈ শ্ৰদ্ধা নিবেদন |
তাৰিখ | ২ অক্টোবৰ |
আচাৰ | সমাৰোহ, গান্ধী বিষয়ক প্ৰতিযোগিতা, প্ৰাৰ্থনা সভা |
সম্পৰ্কিত | আন্তজাৰ্তিক অহিংসা দিৱস গণৰাজ্য দিৱস স্বাধীনতা দিৱস |
মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষ্যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ে ২০০৭ চনৰ ১৫ জুন তাৰিখে ২ অক্টোবৰক আন্তজাৰ্তিক অহিংসা দিৱস হিচাপে ঘোষণা কৰে।[3]
প্ৰতি বছৰে ২ অক্টোবৰ তাৰিখে গান্ধী জয়ন্তী পালন কৰা হয়। ভাৰতৰ প্ৰতিটো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত একত্ৰিত ভাবে পালন কৰা তিনিটা দিৱসৰ ভিতৰত গান্ধী জয়ন্তী অন্যতম। আন দুটা হৈছে ভাৰতৰ স্বাধীনতা দিৱস(১৫ আগষ্ট) আৰু গণৰাজ্য দিৱস(২৬ জানুৱাৰী)।
গান্ধী জয়ন্তীৰ দিনা ভাৰত তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ গান্ধী স্মৃতিক্ষেত্ৰ সমূহত বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। নতুন দিল্লীৰ গান্ধীৰ সমাধি ক্ষেত্ৰ ৰাজ ঘাটত চৰকাৰী ভাবে এওঁ দিৱস পালন কৰা হয়। প্ৰাৰ্থনা সভা,আলোচনা চক্ৰ, গান্ধী বিষয়ক বিভিন্ন প্ৰতিযোগিতা পাতি পুৰস্কাৰ বিতৰণ কৰা, বিভিন্ন জনকল্যাণ মূলক চৰকাৰী আঁচনিৰ শুভ উদ্বোধন কৰা ইত্যাদি এই দিৱসৰ প্ৰধান কাৰ্যসূচী।[4] ২০১৪ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গান্ধী জয়ন্তী উপলক্ষ্যে স্বচ্ছ ভাৰত অভিযান নামৰ এলানি জনপ্ৰিয় অভিযানৰ কথা উল্লেখ কৰিছিল। ভাৰত বৰ্ষক স্বচ্ছতাৰ ক্ষেত্ৰত আগুৱাই নিয়া এই অভিযানৰ মূল উদ্দেশ্য। গান্ধী জয়ন্তীত বিভিন্ন দল-সংগঠনে বিভিন্ন ৰাজহুৱা স্থানত চাফাই অভিযানত অংশ লোৱা দেখা গৈছে।
এই দিনটোত কিছুমান সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। বিভিন্ন দেশপ্ৰেম মূলক গীত, নাটক আদি পৰিবেশনৰ লগতে গান্ধীজীৰ প্ৰিয় ভজন যেনে : ৰঘুপতি ৰাঘৱ ৰাজা ৰাম, বৈষ্ণৱ জন তো তেনে কাহিয়ে, আদি এই অনুষ্ঠান সমূহৰ মূল বৈশিষ্ট।[5]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.