![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/a/ac/Goblin_illustration_from_19th_century.png/640px-Goblin_illustration_from_19th_century.png&w=640&q=50)
গব্লিন
From Wikipedia, the free encyclopedia
গব্লিন (ইংৰাজী: Goblin) হৈছে একাধিক ইউৰোপীয় সংস্কৃতিৰ লোককথাৰ অন্তৰ্গত একপ্ৰকাৰৰ সৰু, বিচিত্ৰ, দানৱীয় জীৱ। মধ্যযুগীয় কাহিনীসমূহত প্ৰথমে গব্লিনক দেখা পোৱা গৈছিল। বিভিন্ন দেশৰ কাহিনীত গব্লিনৰ ভিন্ন ক্ষমতা, স্বভাৱ আৰু চেহেৰাৰ আৰোপ কৰি উপস্থাপন কৰা হৈছে, কিছুমানত দুষ্ট ঘৰুৱা আত্মা হিচাপে আৰু অন্য কিছুমানত দুৰ্নীতিপৰায়ণ, পশু চোৰ হিচাপে দেখুওৱা হৈছে।[1][2] পৰী বা দানৱৰ দৰেই গব্লিনৰো যাদুকৰী ক্ষমতা থাকে, যেনে আকৃতি সলনি কৰাৰ ক্ষমতা।[2]
![]() গব্লিনৰ কাল্পনিক চিত্ৰ | |
শ্ৰেণী | ক্ষুদ্ৰ আত্ম্ |
---|---|
সম্পৰ্কীয় জীৱ | পৰী, দেমন, ব্ৰাউনি, বাওনা, ডুয়েণ্ডেছ, গ্নোম, ইম্পছ, লেপ্ৰেচাউন আৰু কোবল্ড |
ব্ৰাউনি (brownies), বাওনা (dwarves), ডুয়েণ্ডেছ (duendes), গ্নোম (gnomes), ইম্পছ (imps), লেপ্ৰেচাউন (leprechauns) আৰু কোবল্ড (kobolds) আদি হৈছে গব্লিনৰ দৰে একেধৰণৰ জীৱ, কিন্তু সাধাৰণতে সকলো ক্ষুদ্ৰ, পৰীসদৃশ জীৱৰ বাবে গব্লিন শব্দটো ব্যৱহাৰ কৰা হয়।[2] এই শব্দটো কেতিয়াবা অন্য সংস্কৃতিৰ অন্তৰ্ভুক্ত পুকউডগী (pukwudgie), ডক্কাবি (dokkaebi) বা ইফ্ৰিট (ifrit) আদি গব্লিনসদৃশ জীৱক বুজাবলৈও ব্যৱহাৰ কৰা হয়।[2]