![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/58/Ashtamukha_Gandaberunda_Narasimha.jpg/640px-Ashtamukha_Gandaberunda_Narasimha.jpg&w=640&q=50)
গণ্ডভেৰুণ্ড
From Wikipedia, the free encyclopedia
গণ্ডভেৰুণ্ড (সংস্কৃত: गण्डभेरुण्ड ) বা ভেৰুণ্ড (সংস্কৃত : भेरुण्ड) হৈছে হিন্দু পৌৰাণিক আখ্যানসমূহৰ দুটা শিৰযুক্ত এক পক্ষী। ইয়াক অপৰিসীম যাদুকৰী শক্তিৰ অধিকাৰী বুলি বিশ্বাস কৰা হয়। [1] পৰৱৰ্তী কালৰ বৈষ্ণৱ পৰম্পৰাত ইয়াক শৰভৰ সৈতে যুঁজিবলৈ বিষ্ণুৱে ধাৰণ কৰা এটা ৰূপ বুলি ধৰা হয়। শৈৱ পৰম্পৰাত শৰভ হৈছে বিষ্ণুৰ নৰসিংহ অৱতাৰক শান্ত কৰিবলৈ শিৱই ধাৰণ কৰা এটা ৰূপ।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/5/58/Ashtamukha_Gandaberunda_Narasimha.jpg/320px-Ashtamukha_Gandaberunda_Narasimha.jpg)