From Wikipedia, the free encyclopedia
খৰিকাত দিয়া (ইংৰাজী: Skewered grilled food) হৈছে এবিধ ৰন্ধন প্ৰণালী য’ত এডাল শলাত খাদ্য দ্ৰব্যবোৰৰ টুকুৰাবোৰ খুচি লৈ শলাডালত ভৰাই জুই বা গৰম কয়লাত পুৰি তৈয়াৰ কৰা হয় । খৰিকা হৈছে এডাল বাহ, কাঠ বা লোহাৰ ক্ষীণ কাঠি বা শলা, য’ত মাংস, মাছ, ফল বা পাচলিৰ টুকুৰাবোৰ একেলগে ধৰি ৰাখিব পাৰি ।[1]
প্ৰাগ ঐতিহাসিক যুগত শলাত মাংস পুৰি বা সেকি খোৱাটো, নিম্ন প্ৰেলেওলিথিক যুগৰ পৰা চলি আহিছে বুলি জাৰ্মানীৰ ছোনিনজেনত পোৱা ৩০০,০০০ বছৰৰ পুৰণি তথ্যৰ পৰা প্ৰমাণিত হৈছে । এই স্থানত পোৰা আগটোৰে এডাল শলা উদ্ধাৰ হোৱা তথ্যই ইয়াকে প্ৰমাণ কৰে যে আদিম মানৱসকলে জুইত মাংস বা মাছ কাঠি বা শলাত লগাই পুৰি খাইছিল । [2]
প্ৰথমে মাংস খিনি শলাত ভৰাব পৰাকৈ সৰু টুকুৰাকৈ কাটি মিঠাতেল, নিমখ, জালুক আৰু নেমু টেঙাৰ ৰস দি এক ঘন্টামান ঢাকি থব লাগে । বাহ বা কাঠৰ খৰিকা হলে আগতীয়াকৈ পানীত তিয়াই থব লাগে । প্ৰথমে খৰিকা কেইডাল আগতিয়াকৈ হাতেৰে অলপ মিঠাতেলেৰে মোহাৰি লব লাগে যাতে মাংসখিনি তৈয়াৰ হোৱাৰ পাছত কোনো অসুবিধা নোহোৱাকৈ টানি উলিয়াব পাৰি। এক ঘণ্টা পাছত মাংসৰ টুকুৰাবোৰ শলা কেইডালত ভৰাই লৈ গৰম জুই বা অঙঠাৰ ওপৰত দি ভালদৰে পুৰি লব লাগে। চাৰিওফালৰ পৰা ভালদৰে সিজিলে খৰিকা কেইডাল জুইৰ পৰা আঁতৰাই এখন থালত মাংসৰ টুকুৰাবোৰ থৈ বা খৰিকাৰ পৰাই খাব পাৰি। গাহৰিৰ মাংসও একে পদ্ধতিৰে ৰান্ধি খাব পাৰি।[3]
খৰিকাত দিয়া গৰৈ মাছ ৰান্ধিবৰ বাবে ৩টা গৰৈ মাছ, ১/৪ চামুচ মান নিমখ আৰু হালধিৰ দৰকাৰ হয়। প্ৰথমে মাছৰ পেটু আৰু মূৰকেইটা আঁতৰাই ভালদৰে মাছকেইটা ধুই নিমখ আৰু হালধি খিনি মাছকেইটাত ভালদৰে লগাই লব লাগে, তাৰপাছত খৰিকা বা শলা কেইডালত মাছ কেইটাৰ মুখৰ পৰা নেজলৈকে সুমুৱাই জুইত বা অঙঠাত দি পুৰি সিজাব লাগে ।[4]
খৰিকাত দিয়া ৰন্ধন প্ৰণালীটো বিভিন্ন দেশত বিভিন্ন নামেৰে জনা যায় । ইয়াক ভূমধ্যসাগৰীয় বা আৰব দেশসমূহত কাবাব বুলিও জনা যায় ।[5]কিন্ত সকলো কাবাব খৰিকাত দি ৰন্ধা নহয় । যেনে চেপলী কাবাবটো পিঠাৰ দৰেহে বনায়। কেক'ছি হৈছে এবিধ শলা বা খৰিকাত দি পুৰি খোৱা কোৰিয়ান খাদ্য। কোৰিয়ান ভাষাত কেক'ছি মানে শলা বা খৰিকা। ফিলিপাইনত খৰিকাত দিয়াটো ইনহাঊ বুলি কোৱা হয় । [6]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.