ৰোগৰ এটা শ্ৰেণী From Wikipedia, the free encyclopedia
কৰ্কট ৰোগ বা কেঞ্চাৰ (ইংৰাজী: Cancer) ৰোগৰ এটা শ্ৰেণী, চিকিৎসা বিজ্ঞানৰ মতে যাৰ নাম মেলিগনেণ্ট নিঅ'প্লাজম (Malignant neoplasm)। এই শ্ৰেণীৰ ৰোগৰ মূল পৰিঘটনা হৈছে কোষৰ সংখ্যাৰ অনিয়ন্ত্ৰিত বৃদ্ধি। এই ৰোগত মৃত্যুৰ হাৰ বহু বেছি। কাৰণ প্ৰাথমিক অৱস্থাত কৰ্কট ৰোগ সহজে ধৰা নপৰে। প্ৰাথমিক অৱস্থাত ৰোগীক চিকিৎসা কৰিলে ৰোগ নিৰাময় হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। বাস্তবিক অৰ্থত এতিয়াও কৰ্কট ৰোগৰ সম্পূৰ্ণ কাৰ্যকৰী চিকিৎসা সম্ভৱ হৈ উঠা নাই। কৰ্কট ৰোগৰ দুশতকৈয়ো অধিক প্ৰকাৰ আছে। প্ৰতিবিধৰে চিকিৎসা পদ্ধতি সুকীয়া সুকীয়া।
কৰ্কট ৰোগ | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
এখন ক'ৰ'ণেল চিটি স্কেনত দেখা পোৱা মেলিগনেণ্ট মেছ'থেলিঅ'মা লিজেণ্ড: → টিউমাৰ ←, ★ কেন্দ্ৰীয় প্লিউৰেল ইফিউজন, ১ আৰু ৩ হাওঁফাওঁ, ২ ৰাজহাড়, ৪ কামিহাড়, ৫ মহাধমনী, ৬ প্লীহা, ৭ আৰু ৮ বৃক্ক, ৯ যকৃৎ | |
আই.চি.ডি.-10 | C00—C97 |
আই.চি.ডি.-9 | 140—239 |
ডিজিজেছ ডে'টাবে'ছ | 28843 |
মেডলাইন প্লাছ | 001289 |
MeSH | D009369 |
মানুহ তথা সকলো প্ৰাণীৰ দেহ কোষেৰে তৈয়াৰী। এক নিৰ্দিষ্ট সময়ৰ মুৰে-মুৰে কোষবোৰ মৰি যায় আৰু তাৰ ঠাইত নতুন কোষৰ জন্ম হয়। সাধাৰণতে জীৱিত কোষবোৰ নিয়ন্ত্ৰিত হাৰত বিভাজিত হৈ নতুন কোষৰ জন্ম হয়। কিন্তু কেতিয়াবা কোনো কাৰণত কোষবোৰ অনিয়ন্ত্ৰিত হাৰত বাঢ়িবলৈ ধৰে আৰু টিউমাৰৰ সৃষ্টি কৰে। টিউমাৰ দুই প্ৰকাৰৰঃ বেনাইন (Benign) আৰু মেলিগনেণ্ট (Malignant)। এই মেলিগনেণ্ট টিউমাৰকে কেঞ্চাৰ বোলা হয়। বিস্তাৰিত ভাবে কবলৈ হ'লে, অনিয়ন্ত্ৰিতভাবে বৃদ্ধি পোৱা কোষবোৰক নিয়োপ্লাষ্টিক কোষ বোলা হয়। নিয়োপ্লাষ্টক কোষে আশে-পাশে থকা কলাক (tissue) ভেদ কৰিব নোৱাৰিলে তাক নিৰিহ বা বেনাইন টিউমাৰ বোলে আৰু ভেদ কৰিব পৰা ক্ষমতা থকা কোষবোৰক মেলিগনেণ্ট টিউমাৰ বোলে। বহু কৰ্কট ৰোগ প্ৰথমে বেনাইন হিচাপে আৰম্ভ হৈ পাছলৈ মেলিগনেণ্টলৈ পৰিৱৰ্তন হয়।
দুশতকৈয়ো অধিক প্ৰকাৰৰ কৰ্কট ৰোগৰ লক্ষণসমূহো ভিন-ভিন। কেইটামান সাধাৰণ লক্ষণ[1] এনেধৰণৰ-
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.