কেশ (শিখ ধৰ্ম)
ধৰ্মীয় অনুশীলন; শিখ ধৰ্মত ঈশ্বৰৰ সৃষ্টিৰ নিখুঁততাৰ প্ৰতি সন্মান ৰাখি নিজৰ চুলি স্বাভাৱিকভাৱে / From Wikipedia, the free encyclopedia
শিখ ধৰ্মত কেশ (গুৰমুখী: ਕੇਸ) হৈছে ঈশ্বৰৰ সৃষ্টিৰ সিদ্ধতাৰ প্ৰতি সন্মানৰ বাবে নিজৰ চুলি স্বাভাৱিকভাৱে গজিবলৈ দিয়াৰ এক প্ৰথা। ১৬৯৯ চনত গুৰু গোবিন্দ সিঙে শিখ ধৰ্ম স্বীকাৰ কৰাৰ মাধ্যম হিচাপে নিৰ্দেশ দিয়া বাহ্যিক প্ৰতীক The Five Kakaars ৰ ভিতৰত এই প্ৰথা অন্যতম। দৈনিক দুবাৰকৈ চুলিখিনি ফণিয়াই লোৱা হয় আৰু জোৰা বা ঋষি গাঁঠি বুলি জনাজাত সাধাৰণ গাঁঠি এটাৰে বান্ধি লোৱা হয়। এই চুলিৰ গাঁঠিটো সাধাৰণতে পাগুৰিৰে ঢাকি দিয়া হয়।
মহাৰাষ্ট্ৰ ৰাজ্যৰ নন্দদৰ হাজুৰ চাহাবত লিখা গুৰু গোবিন্দ সিংহৰ ৫২টা আদেশত উল্লেখ আছে যে কেশ (চুলি)ক তেওঁলোকে দেৱতাৰ সৈতে একে বুলি গণ্য কৰা সতগুৰু (চিৰন্তন গুৰু)ৰ ৰূপ হিচাপে শ্ৰদ্ধা কৰিব লাগে। এই কাৰণে অনুশীলনকাৰীসকলে এই কেশ পৰম সন্মানেৰে ৰাখে। ইয়াৰ ভিতৰত চুলিৰ নিয়মীয়া ৰক্ষণাবেক্ষণ অন্তৰ্ভুক্ত। অৱশ্যে ইয়াতেই সীমাবদ্ধ নহয়, দৈনিক কমেও দুবাৰকৈ ফণিয়াই, নিয়মিতভাৱে ধোৱা আৰু ৰাজহুৱাভাৱে অন্যলোকক স্পৰ্শৰ অনুমতি নিদিয়াও অন্যতম।