কেওলাদেও ৰাষ্ট্ৰীয় উদ্যান
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
কেওলাদেও ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Keoladeo National Park) ৰাজস্থানৰ সিন্ধু -গঙ্গা নদীৰ বৰ্ষাকালীন অৰণ্য জৈৱভৌগোলিক প্ৰদেশৰ মাজত অৱস্থিত।[2] এই উদ্যানৰ মাটিকালি ২,৭৮৩ হেক্টৰ। ১৯৮২ চনত এইখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত হয়। ১৯০০ চনত ই মহাৰাজাসকলৰ হাঁহ চিকাৰৰ সংৰক্ষিত অঞ্চল আছিল। আনকি ভাইচৰয় "লৰ্ড লিনলিথগো"(কাৰ্য্যকাল : ১৯৩৬ চনৰ পৰা ১৯৪৩ চন পৰ্যন্ত ) য়ে এদিনতে চিকাৰী দলৰ সৈতে উদ্যান খনত শতাধিক হাঁহ বধ কৰিছিল ।[3] ১৯৫৬ চনত ই পক্ষী উদ্যানত পৰিণত হয়। ১৯৭২ চন পৰ্যন্ত মহাৰাজাসকলে ইয়াত চিকাৰ কৰাৰ অনুমতি আছিল। ১৯৮১ চনত ইয়াক ৰামসাৰ জলাহভূমি হিচাপে ঘোষণা কৰা হয়। ১৯৮৫ চনত ই প্ৰাকৃতিক সম্পত্তি হিচাপে (x) বিভাগত বিশ্ব ঐতিহ্যবাহী স্থানৰ মৰ্যাদা লাভ কৰে।[4] জলাশয়ৰ তীৰৱৰ্তী অঞ্চলটিক দহটা অংশত ভাগ কৰা হৈছে। জলস্তৰ সঠিক ৰখাৰ বাবে পানী যোগানৰ নিয়ন্ত্ৰিত ব্যৱস্থাও গৃহীত হৈছে। আফগানিস্তান, তুৰ্কমেনিস্তান, চীন আৰু চাইবেৰিয়াৰ পৰা প্ৰায় ৩৬৪টি প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী ইয়ালৈ শীতকালত অহা দেখা যায়৷ সমগ্ৰ উদ্যানখন ১৭খন গাঁও আৰু ভৰতপুৰ নগৰৰদ্বাৰা বেষ্টিত।
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
কেওলাদেও ঘানা ৰাষ্ট্ৰীয় উদ্যান | |
---|---|
আই.ইউ.চি.এন শ্ৰেণী II (ৰাষ্ট্ৰীয় উদ্যান) | |
কেওলাদেও ঘানা ৰাষ্ট্ৰীয় উদ্যান, ভৰতপুৰ, ৰাজস্থান, ভাৰত | |
অৱস্থান | ভৰতপুৰ, ৰাজস্থান, ভাৰত |
নিকটতম চহৰ | আগ্ৰা, উত্তৰ প্ৰদেশ |
স্থানাংক | 27°10′00″N 77°31′00″E |
মাটিকালি | 2,873 hectare, 29 km2 |
প্ৰতিস্থা | ১০ মাৰ্চ ১৯৮২ |
পৰ্যটক | 100,000 (2008 চনত)[1] |
কৰ্তৃপক্ষ | Rajasthan Tourism Development Corporation |
ধৰণ | প্ৰাকৃতিক |
চৰ্ত | X |
নিৰ্ধাৰিত | ১৯৮৫(৯ ম বৰ্ষ) |
প্ৰসংগ সংখ্যা | ৩৪০ |
State Party | ভাৰত |
Region | এছিয়া-পেছিফিক |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.